
তিনিচুকীয়া, ২৫ আগষ্ট (হি.স.)। প্ৰায় ৩ মাহৰ পাছত নিজৰ মৰমৰ হেৰোৱা বাইক ঘূৰাই পালে তিনিচুকীয়াৰ এজন ছাত্ৰই। যোৱা ৬ জুনত বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ নেওগ উপাধিৰ এজন ছাত্ৰই কলেজৰ পৰা ছেমিষ্টাৰ পৰীক্ষা দি মটৰ চাইকেলেৰে আহি থকা অৱস্থাত তিনিচুকীয়া জিলাৰ কাকপথাৰ স্থিত আৰ্মী কেম্পৰ সমীপত এজন অচিনাকী ব্যক্তিয়ে মটৰচাইকেলত লিফ্ট বিচাৰে।
পৰৱৰ্তী সময়ত ব্যক্তিজনে নিজকে আলফা সদস্য বুলি পৰিচয় দি ছাত্ৰ জনক পথতে নমাই বাইক খন লৈ উধাও হয়। ঘটনা সন্দৰ্ভত ছাত্ৰজনে কাকপথাৰ থানাত এজাহাৰ দাখিল কৰে।
প্ৰায় তিনিমহীয়া তদন্তৰ অন্তত কাকপথাৰ আৰক্ষীয়ে মটৰ চাইকেলখন উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত আটক কৰে মৰাণ ৰাঙলী বাটোৱা গাঁৱৰ জনৈক অনুজ কোঁৱৰ নামৰ ব্যক্তি জনক।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু