
ওদালগুৰি, ২৫ আগষ্ট (হি.স.): ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ ডিমাকুছিত সংঘটিত হৈছে এক জঘন্য ঘটনা । স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ । ডিমাকুছিৰ বৰঙ্গাজুলি চাহ বাগিছাৰ ৪ নং লাইনত সংঘটিত হৈছে এই ঘটনা।
স্বামীয়ে লাঠিৰে মৰিয়াই-মৰিয়াই হত্যা কৰিলে নিজ পত্নীক । বৰঙ্গাজুলি চাহ বাগিছাৰ অমিত ভূঞৰ নামৰ লোকজনে তেখেতৰ পত্নী গংগা ভূঞৰ লাঠিৰে কোবাই হত্যা কৰে। পৰকীয়া প্ৰেমৰ পৰিণতিতে এই জঘন্য ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে । কৰ্মসূত্ৰে বহিঃৰাজ্যত কৰ্মৰত আছিল অমিত ভূঞ নামৰ লোকজন ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ