
কোকৰাঝাৰ, ২৫ আগষ্ট (হি.স.)।
এপিএল ক্ৰিকেট খেলত অংশগ্ৰহণ কৰি বড়োলেণ্ডৰ সুনাম অৰ্জন কোকৰাঝাৰৰ ৰহিত সেনৰ ।
দেওবাৰে বৰপেটা ব্ৰেৱস দলৰ সৈতে চুড়ান্ত খেলত পাঁচ উইকেটত পৰাজিত হৈ আজি কোকৰাঝাৰলৈ উভতি আহিল গুৱাহাটী ৰয়েলস দলৰ খেলুৱৈ ৰহিত সেন।
বড়োলেণ্ডৰ পৰা অসম প্ৰিমিয়াৰ লিগ চমুকৈ এপিএলত খেলিবলৈ সুবিধা লাভ কৰা ৰহিত সেনক আজি উষ্ম আদৰণি জনালে স্থানীয় ৰাইজে।
গুৱাহাটী ৰয়েলস দলৰ উইকেট কীপাৰ ৰহিত সেন কোকৰাঝাৰ পাটৰঘাটৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগেই উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয়।
আতচবাজী ফুটাই পুষ্পবৃষ্টিৰে আদৰণি জনায় ক্ৰিকেট খেলুৱৈ ৰহিত সেনক।
ৰাষ্ট্ৰীয় খেলুৱৈ ৰহিত শৰ্মাক গুৰু হিচাপে মানি ভৱিষ্যত ৰাষ্ট্ৰীয় খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠা কৰা সপোন ৰহিত সেনৰ ।
কোকৰাঝাৰ চহৰৰ পাটৰঘাটস্থিত অমৰ ভাৰত সংঘ ক্লাবৰ পৰা ক্ৰিকেট খেলৰ যাত্ৰা আৰম্ভ কৰা ৰহিত সেনক ৫.৪ লাখ টকাত ঠিকাত লৈছিল গুৱাহাটী ৰয়েলস ক্ৰিকেট দল ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা