
গোলাঘাট, আগষ্ট (হি.স.)। খুমটাইৰ ডাবিডুবিত তীব্ৰ প্ৰতিবাদ৷ ডাবিডুবি স্থিত নুমলীগড় তেল শোধনাগাৰৰ সম্প্ৰসাৰণ প্ৰকল্পত শ্ৰমিক সংস্থাৰ প্ৰতিবাদ৷ ডাবিডুবি শ্ৰমিক সংস্থাৰ শতাধিক শ্ৰমিকে প্ৰকল্পটোৰ মূখ্য দ্বাৰৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷ ডাবিডুবি প্ৰকল্পত স্থানীয় নিবনুৱাক সংস্থাপন দিয়াৰ দাবীত এই প্ৰতিবাদ।
প্ৰকল্পটোত বহিৰাগত শ্ৰমিকক কৰ্মত নিয়োজিত কৰিছে বহুসংখ্যক কোম্পানীয়ে৷ সেই কাৰ্যক তীব্ৰ বিৰোধিতাৰে নুমলীগড় তেল শোধনাগাৰ কৰ্তৃপক্ষৰ মইমতালি নচলিব বুলি হুংকাৰ প্ৰদান কৰিছে৷ হাতে হাতে প্লেকাৰ্ড লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক প্ৰতিবাদকাৰীয়ে৷ ডাবিডুবি শ্ৰমিক সংস্থাৰ দাবীসমূহ মানি নললে আগন্তুক দিনত জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা