কচুৱাৰ এখন বিদ্য়ালয়ত মাত্ৰ এজন শিক্ষকে পাঠদান কৰিছে পাঁচটাকৈ শ্ৰেণীক
নগাঁও, ২৫ আগষ্ট (হি.স.)। কচুৱাৰ কান্দাপাৰা প্ৰাথমিক বিদ্যালয়ত অচলা অৱস্থা লোকপিয়লত শিক্ষকক নিয়োগ কৰাত মাত্ৰ এজন শিক্ষকে চলাইছে পাঁচটাকৈ শ্ৰেণীক পাঠদান নগাঁও জিলাৰ কঠীয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত কান্দাপাৰা প্ৰাথমিক বিদ্যালয়ত মাত্ৰ এজন শিক্ষকে
কচুৱাৰ এখন বিদ্য়ালয়ত মাত্ৰ এজন শিক্ষকে পাঠদান কৰিছে পাঁচটাকৈ শ্ৰেণীক


নগাঁও, ২৫ আগষ্ট (হি.স.)। কচুৱাৰ কান্দাপাৰা প্ৰাথমিক বিদ্যালয়ত অচলা অৱস্থা

লোকপিয়লত শিক্ষকক নিয়োগ কৰাত মাত্ৰ এজন শিক্ষকে চলাইছে পাঁচটাকৈ শ্ৰেণীক পাঠদান

নগাঁও জিলাৰ কঠীয়াতলী শিক্ষা খণ্ডৰ অন্তৰ্গত কান্দাপাৰা প্ৰাথমিক বিদ্যালয়ত মাত্ৰ এজন শিক্ষকে চলাইছে পাঠদান । বিদ্যালয় খনত দীৰ্ঘদিন ধৰি দুজন শিক্ষকে চলাই আহিছিল পাঁচটাকৈ শ্ৰেণীৰ পাঠদান । বৰ্তমান ১২৬ জন ছাত্ৰ-ছাত্ৰীৰ অনুপাতে এজন শিক্ষকে পাঠদান চলাই আহিছে । বৰ্তমান লোকপিয়লৰ কামত এই বিদ্যালয়ৰ খনৰ পৰা এগৰাকী শিক্ষয়িত্ৰীক নিয়োগ কৰাত অচলা অৱস্থাৰ সৃষ্টি হৈছে বিদ্যালয় খনত ।

যাৰবাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে শিক্ষাৰ্থী সকলে । যাৰ বাবে ক্ষোভ উজাৰিছে অভিভাৱক তথা স্থানীয় ৰাইজে । শিক্ষাৰ্থীৰ ভবিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এই ক্ষেত্ৰত শীঘ্ৰে উচিত ব্যৱস্থা গ্ৰহণৰ বাবে শিক্ষা বিভাগক আহ্বান স্থানীয় ৰাইজৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ । ইপিনে ১২৬ জন শিক্ষাৰ্থীক পাঁচটাকৈ শ্ৰেণীত দুগৰাকী স্থায়ী শিক্ষকে পাঠদান কৰাত শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে শিক্ষাৰ্থী সকল । দুজন শিক্ষক দুটা শ্ৰেণীত পাঠদান কৰিলেও বাকী শ্ৰেণীত ব্যাহত হয় নিয়মীয়া পাঠদান । বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে মন্তব্য প্ৰকাশ কৰে যে এই বিদ্যালয় খনত শিক্ষাৰ পৰিৱেশ গঢ়িবলৈ শিক্ষক নিযুক্তি দিবলৈ শিক্ষা বিভাগক বহু বাৰ আবেদন কৰিও কোনো সুফল পোৱা নাই । সেয়ে কঠীয়াতলী শিক্ষা খণ্ডৰ কান্দাপাৰা প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ্থীৰ ভবিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষক নিযুক্তি দিবলৈ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক অভিভাৱক আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে দাবী জনাইছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande