জাগীৰোডত ১,০০০ তকৈও অধিক ‘মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান’ৰ হিতাধিকাৰীৰ সৈতে মন্ত্ৰী পীযুষ হাজৰীকাৰ মত-বিনিময়
–আচঁনিৰ ধন কেৱল ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰক: মন্ত্ৰী হাজৰীকা মৰিগাঁও, ২৫ আগষ্ট (হি.স.)। ৰাজ্য চৰকাৰৰ ধ্বজাবাহী আঁচনি ‘মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান’ (চিএম-এএএ) ৰ অধীনত প্ৰতিষ্ঠা কৰা উদ্যোগসমূহৰ পৰ্যালোচনা কৰাৰ লক্ষ্যৰে আজি জাগীৰোড সমষ্টিৰ প্ৰা
জাগীৰোডত ১,০০০ তকৈও অধিক ‘মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান’ৰ হিতাধিকাৰীৰ সৈতে মন্ত্ৰী পীযুষ হাজৰীকাৰ মত-বিনিময়


–আচঁনিৰ ধন কেৱল ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰক: মন্ত্ৰী হাজৰীকা

মৰিগাঁও, ২৫ আগষ্ট (হি.স.)। ৰাজ্য চৰকাৰৰ ধ্বজাবাহী আঁচনি ‘মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান’ (চিএম-এএএ) ৰ অধীনত প্ৰতিষ্ঠা কৰা উদ্যোগসমূহৰ পৰ্যালোচনা কৰাৰ লক্ষ্যৰে আজি জাগীৰোড সমষ্টিৰ প্ৰায় ১,০০০ তকৈও অধিক হিতাধিকাৰীৰ সৈতে এক বিস্তৃত মত-বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যৰ কৃষি তথা জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰীকাই।

বিভিন্ন ব্যৱসায়িক উদ্যোগৰ অগ্ৰগতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে পৰম্পৰাগত ব্যৱসায়-বাণিজ্যৰ উপৰিও কুকুৰা পালন, গাহৰি পালন, মীন পালন, উদ্যান শস্য আৰু বহু-ফসল উৎপাদনৰ দৰে উৎপাদনমুখী খণ্ডত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়। অসমক খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ স্থানীয় উৎপাদন বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰি কৃষি আৰু উৎপাদন খণ্ডত আত্মনিয়োগ কৰা হিতাধিকাৰীসকলক অগ্ৰাধিকাৰ দিবলৈ তেওঁ উদ্যোগ বিভাগক অনুৰোধ জনায়।

যুৱপ্ৰজন্মৰ মাজত স্বাৱলম্বিতা আৰু বহনক্ষম উদ্যোগশীলতা গঢ়ি তোলাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা ‘মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান’ক এক যুগান্তকাৰী পদক্ষেপ বুলি অভিহিত কৰে মন্ত্ৰী হাজৰীকাই। অৱশ্যে প্ৰথম কিস্তিৰ ধন সঠিকভাৱে ব্যৱহাৰ নকৰা হিতাধিকাৰীসকলক পৰৱৰ্তী কিস্তিৰ ধন প্ৰদান কৰা নহ’ব বুলি তেওঁ দৃঢ়ভাৱে সকীয়াই দিয়ে। ৰাজহুৱা ধন কেৱল অৰ্থনৈতিক সৱলীকৰণৰ প্ৰকৃত উদ্দেশ্যতহে ব্যৱহাৰ হ’ব লাগিব বুলি তেওঁ পুনৰাই স্পষ্ট কৰি দিয়ে।

কৃষিভূমিসমূহ পেলাই নাৰাখি সঠিক ব্যৱহাৰ কৰিবলৈ যুৱচামক উৎসাহিত কৰি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে অহা বছৰৰ পৰা কৃষি বিভাগে নাৰিকল, তামোল, বিলাতী বগৰী, লিচু আদি বাণিজ্যিক ফল-মূলৰ পুলি ব্যাপকভাৱে বিতৰণ কৰিব।

ইয়াৰ উপৰিও মাখনা খেতিৰ জৰিয়তে দুগুণ উপাৰ্জনৰ সুবিধা থকাৰ কথা উল্লেখ কৰি আগ্ৰহী কৃষকসকলক কৃষি বিভাগৰ তৰফৰ পৰা সকলো ধৰণৰ সহযোগ আগবঢ়োৱা হ’ব বুলি আশ্বাস দিয়ে। আনহাতে, ‘কৃষি আন্তঃগাঁথনি পুঁজি’ (এ আই এফ) ৰ অধীনত ঋণ গ্ৰহণ কৰি কৃষি-ভিত্তিক ব্যৱসায় প্ৰতিষ্ঠা কৰাৰ বাবে নতুন উদ্যমীসকলক উৎসাহিত কৰিবলৈ মৰিগাঁও জিলা কৃষি বিষয়াক সমগ্ৰ জিলাখনতে ব্যাপক সচেতনতামূলক শিবিৰ অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande