সোমবাৰে নিশা জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ
সোমবাৰে নিশা জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ
সোমবাৰে নিশা জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ


সোমবাৰে নিশা জুবিন ক্ষেত্ৰত গৰিমা শইকীয়া গাৰ্গ


কামৰূপ, ২৫ আগষ্ট (হি.স.)। সোমবাৰে নিশা জুবিন ক্ষেত্ৰত উপস্থিত হয় পত্নী গৰিমা শইকীয়া গাৰ্গ। অহা ১৯ চেপ্টেম্বৰত হ'বলগীয়া প্ৰাণৰ শিল্পীৰ প্ৰথম স্মৃতি দিৱস সন্দৰ্ভত স্থানীয় পৰিচালনা সমিতিৰ সৈতে আলোচনাত মিলিত হয় গৰিমা গাৰ্গ।

উল্লেখ্য যে অহা ১৭ চেপ্টেম্বৰৰ পৰা তিনিদিনীয়াকৈ উদযাপন কৰা হ'ব প্ৰাণৰ শিল্পীৰ মহাপ্ৰয়াণৰ প্ৰথম বাৰ্ষিকী। ১৭, ১৮ আৰু ১৯ ছেপ্টেম্বৰ তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব প্ৰাণৰ শিল্পীগৰাকীৰ এবছৰীয়া বৰ্ষপূৰ্তি। তিনিদিনীয়া কাৰ্যসূচীত হ'ব ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান। ইয়াৰ ভিতৰত ১৭ ছেপ্টেম্বৰ তাৰিখে সৰ্বধৰ্মীয় প্ৰাৰ্থনা, ১৮ ছেপ্টেম্বৰ তাৰিখে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান, নাম প্ৰসংগ আদি ইচ্ছুক অনুৰাগীয়ে অনুষ্ঠান পৰিবেশন কৰিব পাৰিব, ১৯ ছেপ্টেম্বৰ পুৱা আসন স্থাপন কৰি দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ভাগৱত পাঠ আৰু নিশালৈ অনুষ্ঠিত হ’ব ভাওনা।

সকলো কাৰ্যসূচী যাতে নিয়াৰিকৈ সম্পন্ন হয় তাৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰে গৰিমা শইকীয়া গাৰ্গে।

---------------

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande