নাজিৰাৰ আমগুৰিৰ হালোৱাটিং নিজৰাপাৰত প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালে চৰকাৰী আৰ্থিক সাহায্য নোপোৱাৰ অভিযোগ
নাজিৰাৰ আমগুৰিৰ হালোৱাটিং নিজৰাপাৰত প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালে আজি পৰ্যন্ত চৰকাৰী আৰ্থিক সাহায্য নোপোৱাৰ অভিযোগ।
নাজিৰাৰ আমগুৰিৰ হালোৱাটিং নিজৰাপাৰত প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালে চৰকাৰী আৰ্থিক সাহায্য নোপোৱাৰ অভিযোগ


শিৱসাগৰ, ২৫ আগষ্ট (হি.স.): প্ৰলংকাৰী বানে তচনচ কৰি পেলালে বহু পৰিয়ালৰ সপোন । অতি হেপাহৰ ঘৰ খন, অতি মৰমৰ পোহনীয়া জীৱন জন্তু কেইটাকো উটুৱাই লৈ গল বলিয়া বানে । কেৱল যেন শূণ্যতাই বিৰাজ কৰিছে বন্যতাৰ চাৰিওফালে। দুখৰ মাজতেই যেন দিন পাৰ কৰিছে বন্যতা সকলে।

শিৱসাগৰ জিলাৰ হালোৱাটিঙৰ নিজৰা পাৰৰ ডিম্বেশ্বৰী বৰাইক নামৰ অতি দৰিদ্ৰ পৰিয়ালটোৰ গৃহত প্ৰলয়ংকাৰী বানে তাণ্ডৱ চলালে । পশু ধনো উটুৱাই নিলে বানে। কথমপি থিয় হৈ থকা এই গৃহটোতে বাস কৰি আছে পৰিয়ালটোৱে। বানাক্ৰান্তক সকাহ দিয়াৰ বাবে চৰকাৰে আগবঢ়োৱা ১৫ হাজাৰ টকাৰ আৰ্থিক সাহায্যৰ পৰা আজিও বঞ্চিত হৈ আছে এই পৰিয়ালটো । নাজিৰাৰ বিধায়ক ময়ুৰ বৰগোহাঁই অথবা জিলা প্ৰশাসনৰ তৰফৰ পৰা

এই দুৰ্ভগীয়া পৰিয়ালটোক সহায় আগবঢ়াবলৈ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande