বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা
বিলাসীপাৰাত বিধ্বংসী অগ্নি কাণ্ডৰ ঘটনা।
বিলাসীপাৰাত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা


ধুবুৰী, ২৫ আগষ্ট (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাত যোৱাকালি সোমবাৰে কালি আবেলি বিধ্বংসী অগ্নি কাণ্ডৰ ঘটনা সংঘটিত হয় । কাঠালদি প্ৰথম খণ্ড গাঁৱত সংঘটিত হৈছে এই অগ্নি কাণ্ডৰ ঘটনা।

অগ্নি কাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত মন্নাফ আলী নামৰ লোকজনৰ বাসগৃহ । এই অগ্নিকাণ্ডত ভস্মীভূত হয় বৃহৎ পৰিমাণৰ মৰাপাট, প্ৰয়োজনীয় নথি পত্ৰ সহ বিভিন্ন সা-সামগ্ৰী । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে । স্থানীয় ৰাইজে তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande