
কামৰূপ, ২৫ আগষ্ট (হি.স.)। দক্ষিণ কামৰূপত বন্যহস্তীৰ উপদ্ৰৱে নিদ্ৰা হৰণ কৰিছে ৰাইজৰ। খাদ্যৰ সন্ধানত এফালৰ পৰা ঘৰবোৰ ভাঙি গৈ আছে বন্যহস্তীয়ে। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত শিকাৰহাটী- আউনীহাটী পাৰাকুছিৰ অঞ্চলত কেবাটাও বাসগৃহত যোৱা নিশা বন্যহস্তীৰ উপদ্ৰৱৰ চলাই ।
খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বন্যহস্তীয়ে এতিয়া সাধাৰণ ৰাইজৰ নিদ্ৰা হৰণ কৰিছে। বৰ্তমান পলাশবাৰী সমষ্টিৰ বিভিন্ন অঞ্চলত দিনে নিশাই বন্যহস্তীয়ে মুক্ত বিচৰণ কৰি আছে। চৰকাৰ প্ৰশাসনে এই সমস্যাৰ সমাধান ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা