বানবিধস্ত শিৱসাগৰ জিলাৰ ৫ শতাধিক ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ সামগ্ৰী বিতৰণ চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ
শিৱসাগৰ, ২৫ আগষ্ট (হি.স.)। বানবিধস্ত শিৱসাগৰ জিলাৰ ৫ শতাধিক ছাত্ৰ-ছাত্ৰীক স্কুলবেগ, টেবুল, শিকণ-শিক্ষণ সামগ্ৰী বিতৰণ উজনিৰ ঐতিহ্যমণ্ডিত চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাক্তন ছাত্ৰ সন্মিলনৰ। সহযোগিতা আগবঢ়াই শিৱসাগৰ জিলা শিক্ষা বিভাগৰ চি আৰ চি চ
বানবিধস্ত শিৱসাগৰ জিলাৰ ৫ শতাধিক ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ সামগ্ৰী বিতৰণ চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ


শিৱসাগৰ, ২৫ আগষ্ট (হি.স.)। বানবিধস্ত শিৱসাগৰ জিলাৰ ৫ শতাধিক ছাত্ৰ-ছাত্ৰীক স্কুলবেগ, টেবুল, শিকণ-শিক্ষণ সামগ্ৰী বিতৰণ উজনিৰ ঐতিহ্যমণ্ডিত চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাক্তন ছাত্ৰ সন্মিলনৰ। সহযোগিতা আগবঢ়াই শিৱসাগৰ জিলা শিক্ষা বিভাগৰ চি আৰ চি চি সংগীতা গগৈ, মৌচুমী সভাপণ্ডিত আৰু মীনাক্ষী চেতিয়াই।

তিনিচুকীয়াৰ চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সমন্বয়ক প্ৰাঞ্জল প্ৰতীম দত্তই জানিবলৈ দিয়া মতে বানবিধস্ত নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত জয়খামদাং মলাগাঁও মধ্য ইংৰাজী বিদ্যালয়, মাদুৰি জ্যেষ্ঠ বুনিয়াদী বিদ্যালয়, জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়, নৱজ্যোতি নামদাং উচ্চ মাধ্যমিক বিদ্যালয়, খটখটি মধ্য ইংৰাজী বিদ্যালয়, বৰাখোৱা মধ্য ইংৰাজী বিদ্যালয়, বৰাখোৱা প্ৰাথমিক বিদ্যালয়, ৩৪১ নং লক্ষিমী পুখুৰী প্ৰাথমিক বিদ্যালয় আৰু নমাটি চূণপুৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ মাজত এই সামগ্ৰী বিতৰণ কৰা হয়।

আগন্তুক দিনত সন্মিলনে চৰাইদেউ জিলাটো তদ্ৰুপ কাৰ্যসূচী গ্ৰহণ কৰাৰ মনস্থ কৰিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande