ডিমৰীয়াৰ মালয়বাৰীত পালনাম মহোৎসৱ
গুৱাহাটী, ২৫ আগষ্ট (হি.স.)। ডিমৰীয়াৰ মালয়বাৰীত পালনাম মহোৎসৱ। বিগত বছৰসমূহৰ দৰে এইবেলিও ডিমৰীয়াৰ মালয়বাৰীৰ বামন-বামনী থান পৰিচালনা সমিতিয়ে আয়োজন কৰিছে এদিনীয়া পালনাম মহোৎসৱ। অহা ২৭ আগষ্ট তাৰিখ বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব
ডিমৰীয়াৰ মালয়বাৰীত পালনাম মহোৎসৱ


ডিমৰীয়াৰ মালয়বাৰীত পালনাম মহোৎসৱ


গুৱাহাটী, ২৫ আগষ্ট (হি.স.)। ডিমৰীয়াৰ মালয়বাৰীত পালনাম মহোৎসৱ।

বিগত বছৰসমূহৰ দৰে এইবেলিও ডিমৰীয়াৰ মালয়বাৰীৰ বামন-বামনী থান পৰিচালনা সমিতিয়ে আয়োজন কৰিছে এদিনীয়া পালনাম মহোৎসৱ।

অহা ২৭ আগষ্ট তাৰিখ বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব এই মহোৎসৱ। দিনৰ ভাগত অনুষ্ঠিত হ’ব ঊষা কীৰ্তন, ধৰ্মধ্বজা উত্তোলন, বৃক্ষৰোপণ, স্মৃতি তৰ্পণ, ভাগৱত পাঠ আৰু দিহানামকে ধৰি বিভিন্ন ধৰ্মীয় কাৰ্যসূচী।

আনহাতে নিশাৰ ভাগত অনুষ্ঠিত হ’ব আকৰ্ষণীয় নাগাৰা নাম। নাগাৰা নামৰ শুভ উদ্বোধন কৰিব স্থানীয় বিধায়ক ড০ তপন দাসে।

নিশাৰ নাগাৰা নামৰ অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হিচাপে উপস্থিত থাকিব নলবাৰীৰ নাগাৰা নামৰ শিল্পী উৎপল হালৈ।

এই মহোৎসৱত উপস্থিত থাকিব কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। সেয়ে পালনাম পৰিচালনা সমিতিয়ে দিনজোৰা সমূহ কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande