ভোজশালা বিতৰ্কক লৈ ধাৰ বন্ধ, বজাৰ নিৰ্জন
ভূপাল/ধাৰ, ২৫ আগষ্ট (হি.স.)। মধ্যপ্ৰদেশৰ ধাৰত সংঘটিত হোৱা ঐতিহাসিক ভোজশালা কাণ্ড সন্দৰ্ভত হিন্দু সংগঠনৰ আহ্বানৰ পিছতে ধাৰ জিলাত মঙলবাৰে আধাদিনীয়া বন্ধ পালন কৰা হয়। হিন্দু সংগঠনৰ সদস্যসকলে পুৱাৰ ভাগত ৰাজপথলৈ ওলাই আহি দোকানীসকলক ব্যৱসায় বন্ধ কৰিবল
धार शहर में दुकानें रहीं बंद


धार शहर में दुकानें रहीं बंद


धार में हिंदू संगठनों से जुड़े लोगों ने बाजार पहुंचकर की बंद की अपील


ভূপাল/ধাৰ, ২৫ আগষ্ট (হি.স.)। মধ্যপ্ৰদেশৰ ধাৰত সংঘটিত হোৱা ঐতিহাসিক ভোজশালা কাণ্ড সন্দৰ্ভত হিন্দু সংগঠনৰ আহ্বানৰ পিছতে ধাৰ জিলাত মঙলবাৰে আধাদিনীয়া বন্ধ পালন কৰা হয়। হিন্দু সংগঠনৰ সদস্যসকলে পুৱাৰ ভাগত ৰাজপথলৈ ওলাই আহি দোকানীসকলক ব্যৱসায় বন্ধ কৰিবলৈ আহ্বান জনায়। বন্ধৰ সময়ত অত্যাৱশ্যকীয় সেৱাসমূহ ৰেহাই দিয়া হৈছিল, আনহাতে প্ৰশাসনে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ৰোধ কৰিবলৈ স্পৰ্শকাতৰ অঞ্চলত গধুৰ আৰক্ষী বাহিনী মোতায়েন কৰিছিল।

ধাৰ জিলাৰ ঐতিহাসিক ভোজশালা বিতৰ্ক সন্দৰ্ভত হিন্দু সংগঠনসমূহে আহ্বান জনোৱা আধাদিনীয়া বন্ধৰ সময়ত ধাৰ চহৰৰ মূল বজাৰ আৰু বাণিজ্যিক অঞ্চলসমূহৰ দোকানসমূহ পুৱাৰ পৰাই সম্পূৰ্ণৰূপে বন্ধ হৈ থাকে। ইয়াৰ ফলত স্বাভাৱিকৰ তুলনাত নিৰ্জন পৰিৱেশৰ সৃষ্টি হয়। হিন্দু সংগঠনৰ সদস্যসকলে মহানগৰীৰ বিভিন্ন বজাৰ আৰু বাণিজ্যিক এলেকা পৰিদৰ্শন কৰি দোকানীসকলক হাত জোৰ কৰি নিজৰ প্ৰতিষ্ঠানসমূহ বন্ধ কৰি ৰাখিবলৈ আৰু প্ৰতিবাদত সহযোগ কৰিবলৈ অনুৰোধ জনায়। বন্ধৰ প্ৰভাৱ মহানগৰীৰ মূল বজাৰসমূহত স্পষ্টকৈ দেখা গৈছিল। কিন্তু জনসাধাৰণৰ সুবিধাৰ কথা মনত ৰাখি বিদ্যালয়, মহাবিদ্যালয়, পেট্ৰ’ল পাম্প, চিকিৎসা বিপণী, আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱাসমূহ বন্ধৰ পৰা ৰেহাই দিয়া হৈছিল।

হিন্দু সংগঠনৰ অভিযোগ যে ভোজশালা গোচৰত আদালতে স্পষ্ট নির্দেশ দিয়াৰ পাছতো স্থানীয় প্রশাসনে এই নির্দেশ সঠিকভাৱে বলবৎ কৰা নাই৷ প্ৰতিবাদৰ মূল কাৰণ হৈছে ভোজশালাৰ সমীপত অনুষ্ঠিত হোৱা শুকুৰবাৰৰ নামাজৰ ব্যৱস্থা। এই ব্যৱস্থা শীঘ্ৰে বন্ধ কৰাৰ দাবী জনাইছে হিন্দু সংগঠনসমূহে।

উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন নিৰ্দেশ অনুসৰি স্থানীয় প্ৰশাসনে মুছলমান সম্প্ৰদায়ে ৬১২ নং খছৰাৰ পিছফালে থকা ভূমিত মুছলমান সম্প্ৰদায়ৰ লোকে শুকুৰবাৰৰ নামাজ পঢ়াৰ ব্যৱস্থা কৰিছে, যাৰ ওপৰত হিন্দু সম্প্ৰদায়ে তীব্ৰ আপত্তি কৰিছে।

কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা

জিলা বন্ধ আৰু প্ৰতিবাদৰ সংবেদনশীলতাক পৰিপ্ৰেক্ষিতত আৰক্ষী আৰু প্ৰশাসনিক কৰ্মচাৰীসকল সম্পূৰ্ণ সষ্টম হৈ থাকে। মহানগৰীৰ মূল ছেক্সন, বজাৰ, স্পৰ্শকাতৰ অঞ্চলত গধুৰ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিল। শান্তি আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ প্ৰশাসনিক বিষয়াসকলে অহৰহ টহল দি পৰিস্থিতিৰ ওপৰত নিৰীক্ষণ কৰি আছে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande