
কাৰ্বি আংলং, ২৫ আগষ্ট (হি.স.) : কাৰ্বি আংলং জিলাৰ ডিফুৰ পাচলি বজাৰত ছিণ্ডিকেট ৰাজ চলি থকাৰ অভিযোগ উত্থাপিত হৈছে । এতিয়াৰে পৰা ডিফু বজাৰৰ খুচুৰা পাচলি বেপাৰীসকলে অন্য কোনো ঠাই বা খেতিয়কৰ পৰা পাচলি ক্ৰয় কৰি মূল বজাৰত বিক্ৰী কৰিব নোৱাৰিব। ইয়াৰ পৰিৱৰ্তে বিশেষ ভঁৰালত জমা কৰি ৰখা কেইবিধমান বিশেষ পাচলিহে খুচুৰা বিক্ৰেতাসকলে ক্ৰয় কৰি বিক্ৰী কৰিব পাৰিব। স্বাভাৱিকতে এনে কাৰণত ডিফু বজাৰত পাচলিৰ নাটনি হোৱা দেখা গৈছে।
উল্লেখ্য় যে বিগত ৩০-৪০ বছৰৰ পৰা ডিফু বজাৰত যিসকল খুছৰা পাচলি ব্যৱসায়ীয়ে বজাৰত পাচলিৰ যোগান ধৰি নিজৰ পৰিয়ালটোক পোহপাল দি আছিল আজিৰ তাৰিখত সেইসকল ব্যৱসায়ী দিশহাৰা হৈ পৰিছে ।
উল্লেখ্য যে কাৰ্বি আংলং পৰিষদৰ এক নিদেৰ্শনাৰ অজুহাত দেখুৱাই একাংশ বেপাৰীয়ে এক নিৰ্দিষ্ট ভঁৰালৰ পৰা ডিফু বজাৰৰ খুচুৰা বেপাৰীসকলক পাচলি ক্ৰয় কৰিবলৈ বাধ্য কৰোৱাৰ পিছত ডিফু বজাৰৰ প্ৰায় ৫০টা খুচুৰা পাচলি বেপাৰী বিপদত পৰিছে । এই প্ৰসংগত কাৰ্বি আংলং পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙক শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি সকাহ দিবলৈ খুচুৰা বেপাৰীসকলে অনুৰোধ জনায় । লগতে পূৰ্বৰ দৰে ব্যৱসায় কৰিব পৰাকৈ ব্যৱস্থা কৰাৰ বাবেও পৰিষদৰ চিইএম গৰাকীক ব্যৱসায়ীসকলে দাবী জনায় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ