
গোলাঘাট, ২৫ আগষ্ট (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষীয়ে সোমবাৰে নিশা উদ্ধাৰ কৰে ১৮ টাকৈ চোৰাং কুকুৰ । দেৰগাঁও চ'গুৰি অঞ্চলৰ পৰা বস্তাত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰে কুকুৰ কেইটা।
জানিব পৰামতে, দুটা সৰবৰাহকাৰীয়ে নাগালেণ্ডলৈ প্ৰেৰণ কৰাৰ বাবে সাজু কৰি থৈছিল ১৮ টা কুকুৰ । ইফালে আৰক্ষী অহাৰ উমান পাই ঘটনা স্থলীৰ পৰা পলায়ন কৰে সৰবৰাহকাৰী দুটা । নিশা দেৰগাঁও থানাত ৰখা হয় কুকুৰ কেইটা। উল্লেখ্য় যে বিগত বহুবছৰ ধৰি দেৰগাঁৱত অব্যাহত আছে এনেধৰণৰ কুকুৰ সৰবৰাহকাৰীৰ ৰমৰমীয়া ব্যৱসায় । এনে ধৰণৰ ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে সচেতন লোকসকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ