
চিৰাঙ, ২৫ আগষ্ট (হি.স.)। চিৰাঙৰ কাজলগাঁৱত এবিএমছুৰ উদ্যোগত বিশাল সজাগতামূলক সমদল । সমাজত বৰ্দ্ধিত নিষিদ্ধ ড্ৰাগছ, মদ, জুৱাৰ অবাধ প্ৰচলন, বাল্যবিবাহৰ দৰে কু–প্ৰথা তথা বিভিন্ন অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে আৰু নাৰীৰ সুৰক্ষা নিশ্চিতকৰণৰ দাবীত চিৰাঙৰ কাজলগাঁৱত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ ইউনিয়ন তথা এবিএমছুৰ এই বিশাল সজাগতা সমদল।
কেইবা শতাধিক ছাত্ৰ ছাত্ৰী তথা এবিএমছু নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰা সজাগতা সমদল কাজলগাঁৱৰ ছাতিপুৰ তিনিআলীৰ পৰা জিলা আয়ুক্ত কাৰ্যালয় অভিমুখে যাত্ৰা কৰিব।
আজিৰ এই সজাগতা সমদলৰ নেতৃত্ব প্ৰদান কৰে এবিএমছুৰ কেন্দ্ৰীয় সভাপতি টাইছন হুছেইনে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা