গোহালি উদং কৰি চোৰে চলালে চাফাই অভিযান
নিশাটোৰ ভিতৰতে তিনিঘৰৰ গাই গৰু চুৰি কৰিলে চোৰে।
গোহালি উদং কৰি চোৰে চলালে চাফাই অভিযান


নগাঁও, ২৫ আগষ্ট (হি.স.): কলিয়াবৰ সমজিলা এলেকাত দিনক দিনে বৃদ্ধি পাইছে গৰু চুৰিৰ ঘটনা। কলিয়াবৰ, জখলাবন্ধা আৰু উলুৱনী আৰক্ষী থানা এলেকাধীন অঞ্চলসমূহত সঘনাই বৃদ্ধি পোৱা গৰুচুৰিৰ ঘটনাই দৰিদ্ৰ কৃষক পৰিয়ালৰ লগতে সাধাৰণ গো-পালক সকলকো চিন্তিত কৰি তুলিছে। ইয়াৰ মাজতে উলুৱনী আৰক্ষী থানা এলেকাধীন ৰহঢলা গাঁৱত যোৱা কালি সোমবাৰৰ নিশাটোৰ ভিতৰতে তিনিটাকৈ পৰিয়ালৰ গোহালিৰ গাই গৰু চুৰি হোৱা ঘটনাই উলুৱনী আৰক্ষীৰ ফোপোলা স্বৰূপটো পুনৰবাৰ উদঙাই দিলে।

ৰহঢলা গাঁৱৰ ভুক্তভোগী প্ৰসন্ন বৰদলৈ, ভৰত কোঁৱৰ আৰু স্থানীয় এঘৰৰ সৈতে মুঠ তিনি ঘৰৰ তিনিজনীকৈ গাই গৰু লৈ উধাও হয় গৰু চোৰৰ দলটি। তিনিওজনী গাই গৰুৰ গাখীৰ খোৱা সৰু সৰু পোৱালি তিনিওটা গৃহস্থৰ গোহালিতে এৰি পোৱালি কেইটাৰ বুকুৰ পৰা মাকক চোৰে লৈ যোৱা মৰ্মান্তিক ঘটনাই হতভম্ব কৰি তুলিছে ভুক্তভোগী পৰিয়াল কেইটাক। দুখত ভাগি পৰা গৃহস্থৰ গৰুচোৰৰ প্ৰতি কাতৰ অনুৰোধ পোৱালি কেইটাৰ মাক কেইজনীক অন্ততঃ ঘুৰাই দিয়ে যেন। পৰিতাপৰ কথা এই যে, চলিত বৰ্ষত ২০০ ত কৈ অধিক গৰু চুৰি ঘটনা সংঘটিত হৈছে কলিয়াবৰ সমজিলা এলেকাত। আৰক্ষীৰ দায়িত্বহীনতাৰ বাবেই কলিয়াবৰত চলিত বৰ্ষত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে গৰু চুৰি ঘটনা।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande