
ধুবুৰী, ২৫ আগষ্ট (হি.স.)। বিলাসীপাৰাৰ কাঠালদি ১ম খণ্ড গাঁৱত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ।
গাঁও খনৰ মন্নাফ আলীৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ।
অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ দুটা ঘৰৰ লগতে ধান, মৰাপাট আৰু বিভিন্ন সা সামগ্ৰী নথি পত্ৰ আদি জুইত ছাই হৈ যায় ।
এই অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ প্ৰায় পাঁচ লক্ষাধিক টকা মূল্যৰ সা সামগ্ৰী জুইত ভস্মীভূত হৈ যায় বুলি জানিব পৰা গৈছে ।
বিদ্যুৎৰ শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ।
পিছত স্থানীয় ৰাইজে ব্যাপক তৎপৰতাৰে জুই নিৰ্বাপন কৰাত কথমপি ৰক্ষা পৰে ওচৰ চুবুৰীয়া বাসগৃহ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা