
চিৰাঙ, ২৫ আগষ্ট (হি.স.)। অহা ২৯ আগষ্টত অনুষ্ঠিতব্য ৰাষ্ট্ৰীয় খেল দিৱসৰ সৈতে সংগতি ৰাখি ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত অহা ২৭ আগষ্টত দেশজুৰি মাই ভাৰত নেশ্বনেল স্পৰ্টত ডে য়ুৱা কানেক্ট কাৰ্যসূচী অনুষ্ঠিত কৰিব। চিৰাঙৰ বিজনী মহাবিদ্যালয়ৰ সভাকক্ষত মঙলবাৰে মহাবিদ্যালয় খনৰ অধ্যক্ষ ড৹ বীৰহাসগিৰী বসুমতাৰীয়ে এখন সংবাদ মেল সম্বোধন কৰে। বিজনী মহাবিদ্যালয়ৰ এনএছএছ ইউনিট ৰ উদ্যোগত আয়োজিত সংবাদ মেলত অধ্যক্ষ ড৹ বীৰহাসগিৰী বসুমতাৰীয়ে এইদৰে উল্লেখ কৰে।
কাৰ্যসূচীৰ বাবে চিৰাঙৰ বিজনী মহাবিদ্যালয় কেটেগৰি ‘এ' ৰ বাবে নিৰ্বাচিত হৈছে। সমগ্ৰ দেশৰ লগতে বিজনী মহাবিদ্যালয়তো অহা ২৭ আগষ্টত অনুষ্ঠিতব্য উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতী সকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভাৰ্ছুৱেল ভাষণ তথা বাৰ্তাৰ পোণপটীয়া সম্প্ৰচাৰ প্ৰত্যক্ষ কৰিবলৈ পাৰিব।
তাৰোপৰি স্থানীয় তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল প্ৰতিভা সকলৰ সৈতেও ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতী সকলে মত বিনিময় কৰাৰ সুযোগ লাভ কৰিব।
বিজনী মহাবিদ্যালয়ত অনুষ্ঠিতব্য উক্ত কাৰ্যসূচীত বিজনীৰ বিধায়ক অৰূপ কুমাৰ দে', বিটিচিৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগয়াৰী, থুৰিবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ খলিলুৰ ৰহমান সহ অতিথি বৃন্দৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিং খেলুৱৈ প্ৰিয়া নাৰ্জাৰী, ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাবাদী খেলুৱৈ কাজল নাৰ্জাৰী আৰু ৰাজ্যিক পৰ্যায়ৰ টাইকোৱানডো খেলুৱৈ নন্দন দাসে অংশগ্ৰহণ কৰিব।
সংবাদ মেলত বিজনী মহাবিদ্যালয়ৰ উপাধ্যক্ষা সবিতা ৰায়, আভ্যন্তৰীণ মান নিৰূপন কোষৰ সমন্বয়ক ড৹ বাবুল বসুমতাৰী আৰু এনএছএছ ৰ কাৰ্যসূচী বিষয়া ড৹ শেৱালী পাঠক উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু