বৰমা মহাবিদ্যালয়ত ‘খেলো ইণ্ডিয়া কাৰ্যসূচী
বাক্সা, ২৫ আগষ্ট (হি.স.)। ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ২০২৬ উপলক্ষে বৰমা মহাবিদ্যালয়ত ‘খেলো ইণ্ডিয়া সংবাদ’ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘ফিট, অনুশাসিত আৰু ক্ৰীড়ামুখী ৰাষ্ট্ৰ’ গঢ়াৰ দৃষ্টিভংগীৰে এই কাৰ্যসূচী অনুষ্ঠিত হ’ব।

বাক্সা জিলাৰ ভিতৰত কেটাগৰী-এ ত অন্তৰ্ভুক্ত একমাত্ৰ শিক্ষানুষ্ঠান বৰমা মহাবিদ্যালয়ত এই অনুষ্ঠান অহা ২৭ আগষ্ট, তাৰিখে পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হ’ব ।

এই সন্দৰ্ভত বৰমা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ ৰ'ইৰুৱ ব্ৰহ্মৰ লগতে (এন এছ এছ )ৰাষ্ট্ৰীয় সেৱা আচনিৰ বিষয়া ডঃ ৰাতুল দাসে আজি মহাবিদ্যালয়ত এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত 'খেলো ইণ্ডিয়া, কাৰ্যসূচীৰ উদ্দেশ্য, গুৰুত্ব আৰু ক্ৰীড়া, ফিটনেছ আৰু যুৱ অংশগ্ৰহণৰ প্ৰচাৰৰ বিষয়ে সাংবাদিক সকলক অৱগত কৰা হ’য়।

সংবাদমেলত বাক্সা জিলাৰ মেৰা যুৱ ভাৰত (মোৰ ভাৰত)ত টিহু বৰমাৰ স্বেচ্ছাসেবক হিমাংশু মদাহী উপস্থিত থাকে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা

 rajesh pande