শ্ৰীৰামপুৰৰ পৰা গাড়ীৰ চালকৰ গাড়ীৰ দুখন চকা চুৰি কৰি গাড়ী এৰি পলায়নৰ অভিযোগ
শ্ৰীৰামপুৰৰ পৰা গাড়ীৰ চালক মাধৱ হেকে গাড়ীৰ দুখন চকা চুৰি কৰি গাড়ী এৰি পলায়নৰ অভিযোগ।
শ্ৰীৰামপুৰৰ পৰা গাড়ীৰ চালকৰ গাড়ীৰ দুখন চকা চুৰি কৰি গাড়ী এৰি পলায়নৰ অভিযোগ


কোকৰাঝাৰ, ২৫ আগষ্ট (হি.স.): মহাৰাষ্ট্ৰৰ পৰা কোম্পানীৰ সামগ্ৰী গুৱাহাটীলৈ লৈ যোৱাৰ সময়ত অসম -বংগ সীমান্তৰ শ্ৰীৰামপুৰত থকা পেট্ৰ'ল পাম্পত গাড়ীখন ৰখাই চালকে চকা খুলি বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে। চালক মাধৱ হেকে এমএইচ ২৪ এইউ ৭৬৩৫ নম্বৰৰ গাড়ীখন লৈ আহিছিল, কিন্তু এই গাড়ীৰ দুখন চকা চুৰি কৰি বিক্ৰী কৰাৰ পিছত গাড়ী এৰি পলায়ন কৰাৰ অভিযোগ উত্থাপন কৰিছে গাড়ীখনৰ মালিক কিষণ মুণ্ডেয়ে ।

জানিব পৰা মতে, মহাৰাষ্ট্ৰৰ পৰা কোম্পানীৰ সামগ্ৰী লৈ অসমৰ গুৱাহাটীলৈ আহি থকা গাড়ীখন শ্ৰীৰামপুৰৰ ভাৰত পেট্ৰলিয়াম পাম্পত ৰখাই থোৱা হৈছিল । অভিযোগ অনুসৰি, চালকজনে গাড়ীখনৰ চকা খুলি বিক্ৰী কৰাৰ পিছত গাড়ীখন পেট্ৰল পাম্পৰ চৌহদতে এৰি পলায়ন কৰে । ঘটনা সংঘটিত হোৱাৰ প্ৰায় পাঁচ দিন পিছত গাড়ীৰ মালিক কিষণ মুণ্ডে এই বিষয়ে খবৰ লাভ কৰে। খবৰ লাভ কৰাৰ পিছতে মালিক শ্ৰীৰামপুৰত উপস্থিত হৈ গাড়ীখনৰ অৱস্থা পৰিদৰ্শন কৰে ।

ইয়াৰ পিছতে গাড়ীৰ মালিকে চালকৰ বিৰুদ্ধে শিমূলটাপু আৰক্ষী চকীত এখন লিখিত অভিযোগ দাখিল কৰে যদিও এই সন্দৰ্ভত মহাৰাষ্ট্ৰৰ আৰক্ষী থানাত চালকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব বুলি গাড়ীৰ মালিক কিষণ মুণ্ডে প্ৰকাশ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande