

কোকৰাঝাৰ, ২৫ আগষ্ট (হি.স.)। ফকিৰাগ্ৰাম পৌৰসভাৰ সভাকক্ষত আজি এক বিদায় সভাৰ আয়োজন কৰা হয়। সভাত পৌৰসভাৰ কাৰ্যবাহী বিষয়া নবনীতা বড়ো আৰু বৰবাবু বাবুল ধৰক আনুষ্ঠানিকভাৱে বিদায় জনোৱা হয়।
ফকিৰাগ্ৰাম পৌৰসভাৰ পৌৰপতি সুলতান আলমে বিদায়ী বিষয়াদ্বয়ক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ কাৰ্যকাল আৰু অৱদানৰ শলাগ লয়। লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে।
অনুষ্ঠানত পৌৰসভাৰ উপ-পৌৰপতি প্ৰণৱ শৰ্মা, প্ৰতিগৰাকী ৱাৰ্ড কমিচনাৰ, পৌৰসভাৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। উপস্থিত সকলোৱে বিদায়ী কাৰ্যবাহী বিষয়া নবনীতা বড়ো আৰু বৰবাবু বাবুল ধৰক শুভেচ্ছা আৰু আগন্তুক দিনৰ বাবে মংগলকামনা জ্ঞাপন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ