
বৰপেটা, ২৫ আগষ্ট (হি.স.)। বৰপেটাৰ বাঘবৰৰ যাদৱপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা পুখুৰীত ভাগৰি পৰে ছুইফট বাহন।
তীব্ৰ বেগেৰে আহি নিয়ন্ত্ৰণ হেৰুৱাই পানীত ডুব যায় বাহন খন ।
বাহন খনৰ ভিতৰৰ পৰা ৰাইজে চালকসহ তিনি গৰাকী আৰোহীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
বাহন খনৰ পঞ্জীয়ন নম্বৰ হৈছে এ এছ ০১ কে চি ১১৯৩ ।
ইতিমধ্যে ঘটনাস্থলীত মন্দিয়া আৰক্ষী উপস্হিত হৈ বাহন সহ উদ্ধাৰ কৰে আৰোহী কেইজনক ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা