
ইম্ফল, ২৫ আগষ্ট (হি.স.)। ভাৰতীয় সেনা আৰু ইম্ফল ইষ্ট পুলিচ কমাণ্ডোৰ সৈতে যৌথ অভিযানত অসম ৰাইফলছে মণিপুৰৰ ইম্ফল পূৱ জিলাৰ ছিনাম কম অঞ্চলৰ মাটিৰ তলৰ আত্মগোপন স্থানৰ পৰা অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ, বিস্ফোৰক উদ্ধাৰ কৰে।
নিৰ্দিষ্ট চোৰাংচোৱাৰ ভিত্তিত কাম কৰি যৌথ দলটোৱে ২৪ আগষ্টৰ পুৱা প্ৰায় ৩ বজাত অঞ্চলটোত অনুসন্ধান অভিযান চলাইছিল । মেটাল ডিটেক্টৰ আৰু বিস্ফোৰক ধৰা পেলোৱা স্নিফাৰ ডগ ব্যৱহাৰ কৰা হৈছিল।
অভিযানৰ সময়ত দুটা ৰাইফল, তিনিটা পিষ্টল/বন্দুক, তিনিটা হেণ্ড গ্ৰেনেড, এটা মৰ্টাৰ শ্বেল, মেগজিন, আৰু ৩৭ ৰাউণ্ড গুলী উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীসমূহ অধিক তদন্ত আৰু আইনী ব্যৱস্থাৰ বাবে সাগোলমাং থানাক গতাই দিয়ে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ