
হাইলাকান্দি, ২৫ আগষ্ট (হি.স.)। হাইলাকান্দিত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট এজেৱাইচিপিৰ । পথ নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ হাইলাকান্দিত। হাইলাকান্দি জিলাৰ হবীৰ তিমুখাৰ পৰা বোৱালীপাৰ সংযোগী পথৰ নিতাইনগৰ সেতুৰ সম্মুখত তিনি ঘন্টীয়া এক অবস্থান ধৰ্মঘট পালন কৰে এজেৱাইচিপি আৰু স্থানীয় ৰাইজে।
বিগত কেইবা বছৰ জুৰী এই পথটো জৰাজীৰ্ণ অৱস্থাত থকাৰ বাবে ইয়াৰ স্থানীয় লোক আৰু ছাত্ৰী ছাত্ৰী সকলৰ যাতায়তৰ বাবে বহু অসুবিধাৰ সম্মুখীন হয়। আজি এজেৱাইচিপিৰ আৰু স্থানীয় লোকে পথটোৰ মেৰামতিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তেওলোকে। লগতে অতি সোনকালে এই পথ নিৰ্মাণৰ দাবী জনাইছে অন্যথা লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি বৃহৎ আন্দোলন গঢ়ি তুলাৰ হুংকাৰ প্ৰদান কৰিছে তেওলোকে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু