
গুৱাহাটী, ২৫ আগষ্ট (হি.স.)।
ৰাজ্যৰ যুৱক-যুৱতী সকলক ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়াই নিয়াৰ উদ্দেশ্যে খেলো ইণ্ডিয়া ডাইলগ-‘খেল কি বাত পিএম কে সাথ’ শীৰ্ষক অনুষ্ঠানটো
অহা ২৭ আগষ্টত
এইমছ গুৱাহাটীত অনুষ্ঠিত হব।
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস ২০২৬ উপলক্ষে, ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ যুৱ পৰিক্ৰমা বিভাগৰ অধীনত এই খেলো ইণ্ডিয়া ডাইলগ-‘খেল কি বাত পিএম কে সাথ’ কাৰ্যসূচী অনুষ্ঠিত হব।
এই উপলক্ষে আজি
এইমছ গুৱাহাটী প্ৰেক্ষাগৃহত
এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক অশোক পুৰানিক এক সংবাদ মেল সম্বোধন কৰে।
সংবাদ মেল সম্বোধন কৰি কাৰ্যবাহী সঞ্চালক গৰাকীয়ে অনুষ্ঠানত যুৱ অংশগ্ৰহণকাৰী সকলে স্থানীয় খেলুৱৈ সকলৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী, ৰাজ্যিক যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী তথা সংসদৰ সদস্য সকলৰ সৈতে মত বিনিময় কৰাৰ সুযোগ লাভ কৰিব বুলি উল্লেখ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণকাৰী সকলৰ সৈতে ভাৰ্চুৱেলী সংযুক্ত হব বুলিও সংবাদ মেলত উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা