দেৰগাঁও আৰক্ষীৰ অভিযানত ১৮ টাকৈ চোৰাং কুকুৰ উদ্ধাৰ
গোলাঘাট, ২৫ আগষ্ট (হি.স.)। দেৰগাঁও আৰক্ষীৰ অভিযানত ১৮ টাকৈ চোৰাং কুকুৰ উদ্ধাৰ। দেৰগাঁৱত অব্যাহত থকা চোৰাং কুকুৰ সৰবৰাহৰ এক ডাঙৰ চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে এক সফল অভিযান চলায়। সোমবাৰে নিশা দেৰগাঁও আৰক্ষীয়ে চ''গুৰি গাঁৱৰ পৰা বস্তাত বান্ধি থোৱা অৱস্থা
দেৰগাঁও আৰক্ষীৰ অভিযানত ১৮ টাকৈ চোৰাং কুকুৰ উদ্ধাৰ


গোলাঘাট, ২৫ আগষ্ট (হি.স.)। দেৰগাঁও আৰক্ষীৰ অভিযানত ১৮ টাকৈ চোৰাং কুকুৰ উদ্ধাৰ। দেৰগাঁৱত অব্যাহত থকা চোৰাং কুকুৰ সৰবৰাহৰ এক ডাঙৰ চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে এক সফল অভিযান চলায়। সোমবাৰে নিশা দেৰগাঁও আৰক্ষীয়ে চ'গুৰি গাঁৱৰ পৰা বস্তাত বান্ধি থোৱা অৱস্থাত ১৮ টাকৈ চোৰাং কুকুৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, সৰবৰাহকাৰীৰ এটা চক্ৰই এই কুকুৰ কেইটা নগালেণ্ডলৈ প্ৰেৰণ কৰাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলাইছিল। কিন্তু আৰক্ষীৰ দলটো ঘটনাস্থলীত উপস্থিত হোৱাৰ উমান পাই সৰবৰাহকাৰী দুজন তৎক্ষণাত পলায়ন কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱাৰ পিছত কুকুৰ কেইটা নিশা সুৰক্ষিতভাৱে দেৰগাঁও থানালৈ নি ৰখা হয়।

উল্লেখ্য যে, বিগত বহু বছৰ ধৰি দেৰগাঁৱত এই ধৰণৰ চোৰাং কুকুৰ সৰবৰাহৰ এক ৰমৰমীয়া ব্যৱসায় চলি আহিছে। স্থানীয় সচেতন ৰাইজে আৰক্ষীৰ এই তৎপৰতাক স্বাগত জনোৱাৰ লগতে এই অবৈধ সৰবৰাহৰ লগত জড়িত মূল চক্ৰটোক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande