
চিৰাং, ২৩ আগষ্ট (হি.স.): বিজনীৰ বিধায়ক অৰূপ কুমাৰ দেৰ কনভয়ৰ সৈতে যোৱা কালি শনিবাৰে আবেলি স্কুটি এখনৰ সংঘৰ্ষ লাগি দুৰ্ঘটনাত পতিত হয় । দুৰ্ঘটনাৰ পিছতে সংঘটিত হয় প্ৰচণ্ড মাৰপিট । ঘটনাৰ কিছু সময় পূৰ্বে বিজনীৰ চিকাঝোৰাৰ পৰা বিজনী অভিমুখে গৈ থকা বিধায়ক অৰূপ কুমাৰ দেৰ কনভয়ৰ সৈতে ঝাৰবিষপানীত এখন স্কুটিৰ পথ দুৰ্ঘটনা সংঘটিত হয় । দুৰ্ঘটনাৰ পিছতে বিধায়কৰ সতীৰ্থসকল আৰু স্কুটি আৰোহীৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত বিধায়কৰ কনভয়টো ঘটনাস্থলীৰ পৰা আঁতৰি যায় । ইয়াৰ পিছতে ক্ষুব্ধ স্কুটি আৰোহীয়ে কনভয়ৰ পিছফালে থকা বিধায়কৰ সতীৰ্থৰ এএছ ১৭ ই ৮৫৪৩ নম্বৰৰ চাৰিচকীয়া বাহনখনৰ সন্মুখৰ গ্লাছ ভাঙি পেলোৱাৰ অভিযোগ উত্থাপিত হৈছে । ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় পাণবাৰী আৰক্ষী । বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে । ঘটনাটোক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ