
ধুবুৰী, ২৩ আগষ্ট (হি.স.): ধুবুৰী সদৰ আৰক্ষী থানাত যোৱা কালি শনিবাৰে সন্ধিয়া এগৰাকী মহিলাৰ ৰুদ্ৰমূৰ্তি দেখিবলৈ পোৱা যায় । বিনা কাৰণত স্বামীক ধুবুৰী আৰক্ষীয়ে আটক কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে মৰ্জিনা বিবি নামৰ মহিলাগৰাকীয়ে । লগতে ধুবুৰী সদৰ আৰক্ষী থানাত কৰ্মৰত এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে ধন দাবীৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মহিলা গৰাকীয়ে।
অভিযোগ অনুসৰি, ধুবুৰী আৰক্ষীয়ে এটা দলে হালাকুৰা অঞ্চলৰ পৰা ইয়াৰ ৰহমান নামৰ এজন ব্যক্তিক ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰিছিল। আটকাধীন ইয়াৰ ৰহমানক এৰি দিয়াৰ নামত আৰক্ষীয়ে ৫০ হাজাৰ টকা দাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তেওঁৰ পত্নী মৰ্জিনা বিবিয়ে। অভিযোগ অনুসৰি, উক্ত ৫০ হাজাৰ টকা আৰক্ষীৰ বিষয়াক দিবলৈ অহা ইয়াৰ ৰহমানৰ দুজন ভাতৃ—হাফিজুৰ ৰহমান আৰু আনোৱাৰ হুছেইনকো ধুবুৰী আৰক্ষীয়ে আটক কৰে।
পৰৱৰ্তী সময়ত ২০ হাজাৰ টকাৰ বিনিময়ত এজন ভাতৃক মুকলি কৰি দিয়াৰ অভিযোগ উঠাৰ লগতে আনজনকো মুকলি কৰি দিয়াৰ পাছত ক্ষুব্ধ হৈ ধুবুৰী সদৰ আৰক্ষী থানাৰ ভিতৰতে ৰুদ্ৰমূৰ্তি ধাৰণ কৰে মহিলা গৰাকীয়ে । অৱশ্যে, ভুক্তভোগী মহিলা গৰাকীয়ে ধুবুৰী সদৰ আৰক্ষী থানাত কৰ্মৰত আৰক্ষী বিষয়াজনৰ নাম নাজানে বুলি জানিবলৈ দিয়ে । উল্লেখ্য যে, ধুবুৰী আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে একাংশ আৰক্ষী বিষয়াৰ বিৰুদ্ধে ধনৰ লেনদেনৰ বিনিময়ত ড্ৰাগছৰ সৈতে জড়িত লোকক মুকলি কৰি দিয়াৰ অভিযোগ উত্থাপন হোৱাক কেন্দ্ৰ কৰি সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
অৱশ্যে, এই অভিযোগসমূহৰ সত্যতা সন্দৰ্ভত আৰক্ষীৰ আনুষ্ঠানিক বক্তব্য এতিয়াও প্ৰকাশ পোৱা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ