
ডিব্ৰুগড়, ২৩ আগষ্ট (হি.স.)। ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড়ত ৰহস্যজনক অৱস্থাত মৃতদেহ এটা উদ্ধাৰ কৰা হয় । টিংখাঙত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
টিংখাঙৰ ৰাজগড় চাহ বাগিচাৰ মাজত উদ্ধাৰ হৈছে এটা মৃতদেহ। মৃতদেহটো ২ নং ন-ভকতীয়া গাঁৱৰ মাইনা দাসগুপ্তা ( ৪০ ) বুলি চিনাক্ত কৰা হৈছে। নিশা ঘৰৰ পৰা এখন টাৱেল পিন্ধি ওলাই আহিছিল মৃত ব্যক্তিজন। পুৱা ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় মাইনা দাসগুপ্তাৰ মৃতদেহ।দেহৰ কোনো অংশত আঘাতৰ চিন স্পষ্ট হোৱা নাই । ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা