
যোৰহাট, ২৩ আগষ্ট (হি.স.)। বানে বিধ্বস্ত কৰা টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত এজাৰগুৰি অঞ্চলত খেতিয়কৰ মাজত এতিয়াও আশংকা দূৰ হোৱা নাই। প্ৰলয়ংকাৰী বানে উটুৱাই নিয়া এজাৰগুৰি অঞ্চলৰ জাঁজী নদীৰ ৰিং বান্ধ মেৰামতিৰ কাম অতি লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপিত হৈছে।
ভাদ মহীয়া নদী খনত আহিব পৰা বাঢ়নী পানীয়ে পুনৰ কৃষি ভূমি প্লাৱিত কৰাৰ আশংকা কৰিছে কৃষক সকলে । জাঁজী নদীত অবৈধ বালি, পলসৰ খননৰ বাবে মথাউৰি, ৰিং বান্ধৰ প্ৰতি ভাবুকি আহিছে । এইক্ষেত্ৰত উচিত ব্য়ৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ৰাইজে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা