
হোজাই, ২৩ আগষ্ট (হি.স.)। হোজাই জিলাৰ লংকাৰ কাকীৰ ৰহাব্লকত পাষাণ পিতৃৰ নিৰ্লজ্জ কাণ্ড পোহৰলৈ আহিছে । নিচাৰ ৰাগীত মাতাল হৈ নিজ ১২বছৰীয়া কণ্যাক শিকলীৰে বান্ধি অত্যাচাৰ চলায় পিতৃয়ে । পিতৃ ৰোহিত দাস অত্যাচাৰৰ বাবে এইদৰে ভৰিত শিকলিত তলা লগোৱা অৱস্থাত মাতৃ প্ৰতিভা দাস ঘৰৰ পৰা উলাই আহে ৷
মাতৃৰ অভিযোগ অনুসৰি পিতৃ ৰোহিত দাসে মদ খাই মাতাল হৈ প্ৰতিদিনাই নিজ কন্যা সন্তানৰ লগতে পৰিয়ালটোক অত্যাচাৰ কৰি আহিছে,আৰু যোৱাকালি ৰোহিত দাসে শিশুটিক ভৰিত শিকলি লগাই তলা লগাই ৰাখে যদিও মাতৃয়ে এই অত্যাচাৰ সহ্য কৰিব নোৱাৰি ঘৰৰ পৰা ওলাই আহি কাষ চাপে আৰক্ষীৰ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু