সফদৰজং হাস্পতালত প্ৰথম সফল ৰবটিক আঁঠু সংৰোপন অস্ত্ৰোপচাৰ
নতুন দিল্লী, ২৩ আগষ্ট (হি.স.)। ছফদৰজং হাস্পতালে উন্নত অস্থিৰোগ চিকিৎসাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে। চেণ্ট্ৰেল ইনষ্টিটিউট অৱ অৰ্থপেডিক্সে ২২ আগষ্টত প্ৰথমটো ৰবটিক সহায়ত সম্পূৰ্ণ আঁঠু সলনি কৰাৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে। এই
सर्जरी के दौरान का दृष्य


सर्जरी करने वाली टीम


নতুন দিল্লী, ২৩ আগষ্ট (হি.স.)। ছফদৰজং হাস্পতালে উন্নত অস্থিৰোগ চিকিৎসাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে। চেণ্ট্ৰেল ইনষ্টিটিউট অৱ অৰ্থপেডিক্সে ২২ আগষ্টত প্ৰথমটো ৰবটিক সহায়ত সম্পূৰ্ণ আঁঠু সলনি কৰাৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে। এই অস্ত্ৰোপচাৰ আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত বিনামূলীয়াকৈ কৰা হৈছিল। ৰোগীজন আছিল ৭৫ বছৰীয়া জ্যেষ্ঠ নাগৰিক।

দেওবাৰে চিকিৎসালয়খনে প্ৰদান কৰা তথ্য অনুসৰি ভৱিষ্যতে এই নতুন ৰবটিক ব্যৱস্থাটো উন্নীত কৰিব পৰা যাব। ইয়াৰ দ্বাৰা আঁঠুৰ সম্পূৰ্ণ আৰু আংশিকভাৱে সলনি কৰাৰ লগতে নিতম্ব সলনি কৰিব পৰা যাব। কাৰিকৰী আৰু চফট্ ৱেৰ উন্নীতকৰণৰ সহায়ত ৰবটিক সহায়ক মেৰুদণ্ডৰ অস্ত্ৰোপচাৰো বিকশিত কৰিব পাৰি।

ৰবটিক প্ৰযুক্তিয়ে অস্ত্ৰোপচাৰৰ পূৰ্বে অধিক সঠিক পৰিকল্পনা আৰু ইমপ্লাণ্ট স্থাপন আৰু গাঁঠিৰ প্ৰান্তিককৰণৰ উন্নত নিৰ্ণয়ৰ সুবিধা প্ৰদান কৰে। চৰকাৰী চিকিৎসালয়ত এই সুবিধা উপলব্ধ হ’লে আৰ্থিকভাৱে বঞ্চিত ৰোগীসকলৰ উন্নত চিকিৎসাৰ সুবিধা বৃদ্ধি পাব।

এই পদক্ষেপৰ নেতৃত্ব, সমৰ্থন আৰু উৎসাহ যোগাইছিল ভিএমএমচি আৰু ছফদাৰজং হাস্পতালৰ সঞ্চালিকা কবিতা শৰ্মাই। চেণ্ট্ৰেল ইনষ্টিটিউট অৱ অৰ্থপেডিক্সৰ সঞ্চালক অধ্যাপক ডাঃ সুমিত সুৰালৰ চিকিৎসাৰ নিৰ্দেশনাত এই অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়। পৰিচালন দলটোৰ নেতৃত্বত আছিল পৰামৰ্শদাতা অধ্যাপক তথা ইউনিট হেড ড০ ভাগৱতী প্ৰসাদ শৰ্মাই। অস্ত্ৰোপচাৰত সহায় কৰে ডাঃ ধ্ৰুৱে মাইনী আৰু ডাঃ কাৰ্তিক যাদৱে। ডাঃ সুশীল গুৰিয়াই নেতৃত্ব দিছিল এনাস্থেচিয়া দলটো। অপাৰেচন থিয়েটাৰৰ নাৰ্চিং দলত আছিল ভগ্নী ৰেখা আৰু ঋতিকা আৰু কাৰিকৰী দলত আছিল বিজেন্দ্ৰ।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande