পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ ডুকি কয়লা খনিত বিষাক্ত গেছত আক্ৰান্ত হৈ দুজন খনিকৰৰ মৃত্যু
ইছলামাবাদ (পাকিস্তান), ২৩ আগষ্ট (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ ডুকি কয়লা খনিত শনিবাৰে বিষাক্ত গেছত আক্ৰান্ত হোৱাত দুজন খনিকৰৰ মৃত্যু হোৱাৰ লগতে আন চাৰিজন অচেতন হৈ পৰা বুলি উদ্ধাৰকাৰীয়ে নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে জুলাইৰ শেষৰ ফালে কুৱেটাৰ
b31437c58102d999de0302df902a84e7_1363460167.jpg


ইছলামাবাদ (পাকিস্তান), ২৩ আগষ্ট (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ ডুকি কয়লা খনিত শনিবাৰে বিষাক্ত গেছত আক্ৰান্ত হোৱাত দুজন খনিকৰৰ মৃত্যু হোৱাৰ লগতে আন চাৰিজন অচেতন হৈ পৰা বুলি উদ্ধাৰকাৰীয়ে নিশ্চিত কৰিছে। ইয়াৰ পূৰ্বে জুলাইৰ শেষৰ ফালে কুৱেটাৰ বাহিৰৰ অঞ্চলত হোৱা বিস্ফোৰণৰ ফলত কয়লা খনি খহি ৩৪ জন খনিকৰৰ মৃত্যু হৈছিল।

দুনিয়া নিউজৰ মতে, মৃতদেহ আৰু অচেতন শ্ৰমিকসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। উদ্ধাৰকাৰী সূত্ৰই জনোৱা মতে, কয়লা খনিটো দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাত বিষাক্ত গেছ ভৰ্তি হৈ পৰিছে। খনিটোত প্ৰৱেশ কৰাৰ লগে লগে খনিকৰ সকলৰ মৃত্যু হয়।

ইয়াৰ পূৰ্বে ৩০ জুলাইত বেলুচিস্তানৰ ৰাজধানী কুৱেটাৰ উপকণ্ঠ অঞ্চলত গেছ বিস্ফোৰণৰ ফলত কয়লা খনি ভাঙি পৰিছিল। দুৰ্ঘটনাত ৩৪ জন খনিকৰৰ মৃত্যু। কুৱেটাৰ ছ’ৰেঞ্জ অঞ্চলৰ কয়লা খনিত সংঘটিত হয় এই দুৰ্ঘটনা। বিস্ফোৰণৰ সময়ত কৰ্মৰত আছিল ৪২ জন শ্ৰমিক। বাকী খনিকৰসকলৰ হিচাপ নাই।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande