প্ৰধানমন্ত্ৰী মোদীৰ ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ শুভেচ্ছা জ্ঞাপন
নতুন দিল্লী, ২৩ আগষ্ট (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা এক্স-পোষ্টত ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয়, আহক আৰু ডাঙৰ সপোন দেখো। অধিক উদ্ভাৱন আৰু নতুন সীমা অতিক্ৰম কৰোঁ...। বিক্ৰম লেণ্ডাৰৰ সফলতাৰ পিছত প্ৰধানমন্ত্
0d30162a6c290432c599df6936c79105_455227876.jpg


নতুন দিল্লী, ২৩ আগষ্ট (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা এক্স-পোষ্টত ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয়, আহক আৰু ডাঙৰ সপোন দেখো। অধিক উদ্ভাৱন আৰু নতুন সীমা অতিক্ৰম কৰোঁ...। বিক্ৰম লেণ্ডাৰৰ সফলতাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৩ চনৰ ২৬ আগষ্টত বেংগালুৰুস্থিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় ভ্ৰমণৰ সময়ত ২৩ আগষ্টক ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰে।

২০২৩ চনৰ ২৩ আগষ্টত ভাৰতে চন্দ্ৰ মেৰুৰ ওচৰত চন্দ্ৰযান-৩ৰ সফল কোমল অৱতৰণেৰে এক ঐতিহাসিক মাইলৰ খুঁটি অৰ্জন কৰিছিল। চন্দ্ৰত মহাকাশযান অৱতৰণ কৰা বিশ্বৰ চতুৰ্থখন দেশ আৰু চন্দ্ৰ দক্ষিণ মেৰুৰ ওচৰত অৱতৰণ কৰা প্ৰথম দেশ হিচাপে পৰিগণিত হয় ভাৰত। বিক্ৰম লেণ্ডাৰেও চন্দ্ৰপৃষ্ঠ অধ্যয়নৰ বাবে প্ৰজ্ঞান ৰভাৰ উৎক্ষেপণ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই ঐতিহাসিক অভিযানৰ ফলাফলে আগন্তুক বছৰবোৰলৈ মানৱ জাতিক উপকৃত কৰিব।

ইছৰোৱে আজি কয়, আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপনৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিবলৈ আমি আপোনালোকক আমন্ত্ৰণ জনাইছো। ভাৰতক আগশাৰীৰ মহাকাশ শক্তি হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি আমি পুনৰ দৃঢ় কৰিছো।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande