নুমলীগড়ত হস্তী মানৱ সংঘাত
গোলাঘাট, ২৩ আগষ্ট (হি.স.)। নুমলীগড়ত এতিয়া হাতী-মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ২০২৬ চনৰ হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু, ৮ জন আহত। ক্ষতিগ্ৰস্ত হৈছে ৭৬টা বাসগৃহ। এনে পৰিস্থিতিত বন বিভাগৰ তৎপৰতা—ড্ৰোনেৰে নজৰদাৰী, নিশাৰ পেট্ৰ’লিঙত ফটকা-চাৰ্চল
নুমলীগড়ত হস্তী মানৱ সংঘাত


গোলাঘাট, ২৩ আগষ্ট (হি.স.)। নুমলীগড়ত এতিয়া হাতী-মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ২০২৬ চনৰ হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু, ৮ জন আহত। ক্ষতিগ্ৰস্ত হৈছে ৭৬টা বাসগৃহ। এনে পৰিস্থিতিত বন বিভাগৰ তৎপৰতা—ড্ৰোনেৰে নজৰদাৰী, নিশাৰ পেট্ৰ’লিঙত ফটকা-চাৰ্চলাইট, গজমিত্ৰক টৰ্চ আৰু টহলৰ বাবে অতিৰিক্ত বাহনৰ ব্যৱস্থা। আনহাতে, হাতীক খাদ্য খুৱাই বা জোকাই বিপদ চপোৱা লোকৰ বিৰুদ্ধেও কঠোৰ আইনী ব্যৱস্থা লোৱাৰ সকীয়নি।

নুমলীগড়ত ভয়ংকৰ হাতী-মানুহৰ সংঘাত।

দিনে-নিশাই আতংকিত নুমলীগড়ৰ বহু অঞ্চলৰ ৰাইজ।হাতীৰ আক্ৰমণত ইতিমধ্যে এজন লোকৰ মৃত্যু। আহত হৈছে ৮ জন। ক্ষতিগ্ৰস্ত হৈছে ৭৬টা বাসগৃহ।সংঘাত ৰোধ কৰিবলৈ এইবাৰ অধিক কঠোৰ হৈছে গোলাঘাট জিলা বন বিভাগ।

কেৱল সঁজুলি যোগানেই নহয়—হাতীৰ গতিবিধিৰ ওপৰত থাকিব তীক্ষ্ণ নজৰ।নিম আলি বাটকে ধৰি হাতীৰ বিচৰণস্থলীত ড্ৰোনেৰে চলিব নজৰদাৰী।হাতীক জোকোৱা, আমনি কৰা অথবা মৰমৰ নামত কল-কাঁঠাল-অমিতা খুৱাই হাতীক মানুহৰ কাষলৈ টানি অনা লোকসকলৰ বিৰুদ্ধেও গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা।

অৰ্থাৎ—হাতীক জোকাই ভিডিঅ’ বনোৱা, খাদ্য খুৱাই ওচৰলৈ টনা বা উত্তেজিত কৰা এতিয়া হ’ব পাৰে বিপদজনক!

ইফালে

নিশাৰ অন্ধকাৰত হাতী খেদিবলৈ সাজু বনকৰ্মী আৰু গজমিত্ৰ।২৪ জন গজমিত্ৰৰ বাবে ১২টা টৰ্চ। নিশাৰ পেট্ৰ’লিং টিমক ফটকা। টহলৰ বাবে ভাড়াত লোৱা হ’ব গাড়ী আৰু চালক।

আনহাতে ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে ডাঙৰ সকাহ।নতুন অধিসূচনা অনুসৰি বন্যপ্ৰাণীৰ আক্ৰমণত মানুহৰ মৃত্যু হ’লে ক্ষতিপূৰণ ৪ লাখৰ পৰা বৃদ্ধি কৰি ৬ লাখ টকা কৰা হৈছে।

ঘৰ-বাৰীৰ ক্ষতিৰ ক্ষেত্ৰতো ক্ষতিপূৰণ ১০ হাজাৰৰ পৰা ৯৫ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে—ঘৰটো কেঁচা নে পকা, তাৰ ওপৰত নিৰ্ভৰ কৰি।আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ—ক্ষতিপূৰণ প্ৰদানৰ বাবেও বান্ধি দিয়া হৈছে সময়সীমা।মানুহৰ মৃত্যু হ’লে ২ দিনৰ ভিতৰত, ঘৰ ভাঙিলে ১৫ দিনৰ ভিতৰত, আৰু কৃষিভূমিৰ ক্ষতি হ’লে ২১ দিনৰ ভিতৰত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছে।

ইফালে নুমলীগড়ৰ বিভিন্ন বৃহৎ চাহ বাগিচাত অবৈধভাৱে ডাঙৰ ডাঙৰ গাঁত খন্দা আৰু কাঁইটীয়া/ব্ৰেড ফেন্সিং স্থাপন কৰাৰ অভিযোগ উঠিছে।

এইবোৰে বন্যহস্তীৰ স্বাভাৱিক চলাচলত বাধাৰ সৃষ্টি কৰাৰ লগতে হাতী-মানুহৰ সংঘাত অধিক জটিল কৰি তুলিছে।বন বিভাগে এনে বাগিচা কৰ্তৃপক্ষক নিৰ্দিষ্ট সীমাৰ ভিতৰত থকা অবৈধ ফেন্সিং আৰু অন্যান্য বাধাসমূহ আঁতৰাবলৈ কঠোৰ সকীয়নি প্ৰদান কৰিছে।নিৰ্ধাৰিত সময়ৰ ভিতৰত এই বাধাসমূহ আঁতৰোৱা নহ’লে বন বিভাগে অভিযান চলাই ব্যৱস্থা গ্ৰহণ কৰিব বুলি স্পষ্ট কৰি দিছে।বন্যহস্তীৰ নিৰাপদ চলাচল নিশ্চিত কৰাৰ লগতে সংঘাত হ্ৰাস কৰাই এই পদক্ষেপৰ মূল লক্ষ্য বুলি জানিবলৈ দিছে বন বিভাগে।

নুমলীগড়ত হাতী-মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ লোৱাৰ সময়তে বন বিভাগৰ এই তৎপৰতাই কিছু সকাহৰ আশা জগাইছে। কিন্তু বন বিভাগৰ ব্যৱস্থাৰ লগতে ৰাইজৰ সজাগতাও সমানেই গুৰুত্বপূৰ্ণ। হাতীক জোকোৱা বা খাদ্য খুৱোৱাৰ দৰে অভ্যাস বন্ধ নহ’লে সংঘাত কমোৱাটো কঠিন। এতিয়া লক্ষ্য এটাই—হাতীও বাচক, মানুহো বাচক।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande