আজি বদলা পদ্ম আতাৰ ৩৫০ সংখ্যক তিৰোভাৱ তিথি
লক্ষীমপুৰ, ২৩ আগষ্ট (হি.স.)। আজি বদলা পদ্ম আতাৰ ৩৫০ সংখ্যক তিৰোভাৱ তিথি। বদলা সত্ৰ কমলাবাৰী সত্ৰকে ধৰি ২৪ খন সত্ৰ উজনিত প্ৰতিষ্ঠা কৰি সত্ৰীয়া সংস্কৃতিৰ ভড়াল এভড়াল কৰিছিল। মাধৱদেৱৰ প্ৰিয় শিষ্য বদলা আতাই মাধৱদেৱৰ আজ্ঞা পালি উজনিত
আজি বদলা পদ্ম আতাৰ ৩৫০ সংখ্যক তিৰোভাৱ তিথি


লক্ষীমপুৰ, ২৩ আগষ্ট (হি.স.)। আজি বদলা পদ্ম আতাৰ ৩৫০ সংখ্যক তিৰোভাৱ তিথি। বদলা সত্ৰ কমলাবাৰী সত্ৰকে ধৰি ২৪ খন সত্ৰ উজনিত প্ৰতিষ্ঠা কৰি সত্ৰীয়া সংস্কৃতিৰ ভড়াল এভড়াল কৰিছিল। মাধৱদেৱৰ প্ৰিয় শিষ্য বদলা আতাই মাধৱদেৱৰ আজ্ঞা পালি উজনিত ধৰ্ম প্ৰচাৰ কৰিছিল।

মাজুলী ৩ খন কমলাবাৰী সত্ৰৰ লগতে নাৰায়ণপুৰৰ বদলা সত্ৰত মহাপুৰুষ জনাৰ তিৰুভাৱ তিথি ৪ দিনীয়াকৈ পালন কৰিছে। আজি মূল কীৰ্ত্তন ৰ দিনটোত পুৱাৰে পৰা ভক্তিৰসত বিলীন হৈছে ভকত বৈষ্ণৱ সকল। নাম কীৰ্তন ,গায়ন বায়ন নাচ নৃত্য সকলো পৰিবেশন কৰিছে। উত্তৰ কমলাবাৰী সত্ৰ দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যবেশিত হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande