টীয়কত মহিলাৰ স্বাৱলম্বীতাৰ বাবে নতুন পদক্ষেপ : মুকলি হ’ল ‘মহুৰা হস্ত্ৰতাত বস্ত্ৰনিৰ্মিত আৰু প্ৰশিক্ষণ কেন্দ্ৰ’
যোৰহাট, ২৩ আগষ্ট (হি.স.)। মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্যৰে টীয়কত মহুৰা নামেৰে এক নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে । টীয়ক জাতীয় বিদ্যালয়ৰ দ্বাৰা পৰিচালিত মহুৰা হস্ত্ৰতাত বস্ত্ৰ নিৰ্মিত আৰু প্ৰশিক্ষণ কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। স
টীয়কত মহিলাৰ স্বাৱলম্বীতাৰ বাবে নতুন পদক্ষেপ : মুকলি হ’ল ‘মহুৰা হস্ত্ৰতাত বস্ত্ৰনিৰ্মিত আৰু প্ৰশিক্ষণ কেন্দ্ৰ’


যোৰহাট, ২৩ আগষ্ট (হি.স.)। মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্যৰে টীয়কত মহুৰা নামেৰে এক নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে । টীয়ক জাতীয় বিদ্যালয়ৰ দ্বাৰা পৰিচালিত মহুৰা হস্ত্ৰতাত বস্ত্ৰ নিৰ্মিত আৰু প্ৰশিক্ষণ কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

স্থানীয় মহিলা সকলক হস্ততাঁত আৰু বস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আধুনিক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে কেন্দ্ৰটোত মহিলা সকলে নিজে উৎপাদন কৰা বস্ত্ৰ সামগ্ৰী বিক্ৰীৰ ব্যৱস্থাও থাকিব। টীয়ক জাতীয় বিদ্যালয়ৰ সঞ্চালক প্ৰদীপ চুতীয়াই কয় যে এই কেন্দ্ৰই গ্ৰাম্য অঞ্চলৰ মহিলা সকলক ঘৰতে বহি উপাৰ্জনৰ সুযোগ দিয়াৰ লগতে অসমৰ পৰম্পৰাগত হস্তশিল্পকো জীয়াই ৰাখাত সহায় কৰিব আৰু এই পদক্ষেপে টীয়ক অঞ্চলৰ মহিলা সকলৰ অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশাবাদী ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande