
কোকৰাঝাৰ, ২৩ আগষ্ট (হি.স.)। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰস্থিত শ্ৰীৰামপুৰ ছাইন্স একাডেমীৰ ছাত্ৰ ইউনিয়নৰ উদ্যোগত আজি একাডেমী প্ৰাংগনত নৱাগত আদৰণী সভা অনুষ্ঠিত হয়।উক্ত সভাত উপস্থিত বিশিষ্ট ব্যক্তিবৰ্গই নৱাগত ছাত্ৰ ছাত্ৰী সকলক শৈক্ষিক আৰু নৈতিক দিশৰ ওপৰত মূল্যৱান ভাষণ প্ৰদান কৰে।
অনুষ্ঠানত শ্ৰীৰামপুৰ সংলগ্ন বিভিন্ন স্কুলৰ প্ৰধান শিক্ষক, শিক্ষক,সমাজকৰ্মী সকলে উদ্গনিমূলক ভাষণ প্ৰদান কৰি নৱাগত ছাত্ৰ ছাত্ৰীক উদ্গনি দিয়ে।শ্ৰীৰামপুৰ ছাইন্স একাডেমীৰ সঞ্চালক বান্দা কেৰকেট্টা, চেয়াৰমেন হাফিজুৰ ৰহমান আদি ব্যক্তি সকল উপস্থিত আছিল। ছাত্ৰ ছাত্ৰী সকলেও বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীত অংশ লৈ উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ