
তিনিচুকিয়া, ২৩ আগষ্ট (হি.স.)। এজাক বৰষুণতে জলমগ্ন মাৰ্ঘেৰিটাৰ বিস্তৃত অঞ্চল। এজাক বৰষুণতে জলমগ্ন হৈ পৰিল মাৰ্ঘেৰিটা সমজিলাৰ বিভিন্ন অঞ্চল। মাৰ্ঘেৰিটা পৌৰসভাৰ কেইবাটাও ৱাৰ্ডৰ লগতে লিডু কলিয়ৰীৰ বিদ্যানগৰ, মাটিখাদ আৰু ইটাখোলা এলেকাত সৃষ্টি হৈছে কৃত্ৰিম বান।
হঠাৎ অহা বানৰ ফলত বহু লোকৰ বাসগৃহত পানী সোমাই পৰাত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে বানাক্ৰান্ত ৰাইজ।
ইফালে, লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰৌচন থাপাৰ তৎপৰতাত এছ ডি আৰ এফৰ সহযোগত বানাক্ৰান্ত লোক সকলক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। এজাক মূষলধাৰ বৰষুণতেই জলমগ্ন হৈ পৰিল মাৰ্ঘেৰিটা সমজিলাৰ বিভিন্ন অঞ্চল।
মাৰ্ঘেৰিটা পৌৰসভাৰ কেইবাটাও ৱাৰ্ড জলমগ্ন হোৱাৰ লগতে লিডু কলিয়ৰীৰ বিদ্যানগৰ, মাটিখাদ আৰু ইটাখোলা এলেকাত সৃষ্টি হৈছে কৃত্ৰিম বান।
কৃত্ৰিম বানৰ ফলত অঞ্চলটোৰ বহু ব্যক্তিৰ বাসগৃহত পানী সোমাই পৰে। ফলত বিস্তৰ ক্ষয়-ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে স্থানীয় ৰাইজ।
জল নিৰ্গমনৰ সুচল ব্যৱস্থা নথকাৰ লগতে স্থানীয় কেঁচা নলাটো তৰাং হৈ পৰাৰ বাবেই অলপ বৰষুণতে এনেদৰে পানী জমা হৈ কৃত্ৰিম বানৰ সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।
ইফালে, পৰিস্থিতিৰ খবৰ লাভ কৰাৰ পাছতে লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰৌচন থাপাই তৎপৰতা গ্ৰহণ কৰে।
এছ ডি আৰ এফৰ সহযোগত কৃত্ৰিম বানত ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰা হয়।
কেৱল উদ্ধাৰ অভিযানতেই সীমাবদ্ধ নাথাকি আৰক্ষী বিষয়া ৰৌচন থাপাই নিজা উদ্যোগত বানাক্ৰান্ত লোকসকলৰ মাজত বিভিন্ন খাদ্য আৰু সাহায্য সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰে।
এজাক বৰষুণতে প্ৰতিবাৰেই কৃত্ৰিম বানৰ সমস্যাই জুৰুলা কৰা এলেকাসমূহৰ স্থায়ী সমাধানৰ বাবে জল নিৰ্গমনৰ ব্যৱস্থা উন্নত কৰাৰ লগতে নলা-নৰ্দমাসমূহ পৰিষ্কাৰ আৰু পুনৰ নিৰ্মাণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা