
মৰিগাঁও, ২৩ আগষ্ট (হি.স.)। মৰিগাঁও জিলাৰ জাগীৰোডৰ নিকটৱৰ্তী টোপাতলী-উমচিয়াং পথত নিমাওমাও পৰিৱেশ বিৰাজ কৰিছে ৷ মেঘালয়ত চলি থকা হিংসাত্মক ঘটনাৰ প্ৰভাৱ পৰিছে টোপাতলীত ৷
উল্লেখ্য় যে দেওবাৰে টোপাতলী হৈ জাগীৰোডলৈ আহে মেঘালয়ৰ লোক ৷ জাগীৰোডৰ দেওবৰীয়া সাপ্তাহিক বজাৰত বজাৰ কৰি পুনৰ মেঘালয়লৈ উভতি যায় তেওঁলোক ৷ অহা-যোৱাৰ সময়ত টোপাতলীত জিৰণি লয় মেঘালয়ৰ লোকসকলে ৷ যাৰ পৰিপ্ৰেক্ষিতত টোপাতলী বজাৰত দেখা যায় ভিৰ৷ কিন্তু আজি তেনে কোনো ব্যস্ত পৰিৱেশ নাই টোপাতলীত৷ বজাৰৰ চৌদিশে কেবল শূন্যতা৷ দোকান-পোহাৰ খুলিছে যদিও নাই গ্ৰাহক৷ অৱশ্যে কোনোধৰণৰ হিংসাত্মক ঘটনাৰ পৰা বিৰত থাকি পুনৰ শান্তি ঘুৰাই আনিবলৈ সকলোকে আহ্বান জনাইছে স্থানীয় লোকে৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা