
দক্ষিণ শালমাৰা মানকাচাৰ, ২৩ আগষ্ট (হি.স.)।
মানকাচৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী গাঁৱত অসম আৰক্ষীৰ বিশেষ পদক্ষেপ ৷
মানকাচৰৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষা অধিক শক্তিশালী কৰাৰ লগতে সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজৰ সৈতে আৰক্ষীৰ সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। “India Bangladesh Border Village Night Visit & Stay” শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে সীমান্তৱৰ্তী গাঁৱত নিশা পৰিদৰ্শন আৰু অৱস্থান কৰিব আৰক্ষীৰ বিষয়াসকলে।
এই কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে সীমান্তবাসীৰ সৈতে আৰক্ষীৰ আস্থা আৰু সহযোগিতাৰ সম্পৰ্ক গঢ়ি তোলা, সীমান্ত সুৰক্ষা সন্দৰ্ভত স্থানীয় লোকসকলক সজাগ কৰা আৰু যিকোনো সন্দেহজনক কাৰ্যকলাপৰ বিষয়ে তৎকালীনভাৱে আৰক্ষীক অৱগত কৰাৰ পৰিৱেশ সৃষ্টি কৰা।
কাৰ্যসূচীত যোৱানিশা মানকাচৰৰ আজিতুল্লা পাব্লিক হাইস্কুলত আৰক্ষীৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয় সভাখন উপস্থিত থাকে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰতাপ দাস, DSP কিশোৰ পাটোৱাৰী আৰু গাঁও পঞ্চায়ত প্ৰতিনিধিৰ লগতে শতাধিক স্থানীয় ৰাইজ । সভাখন মানকাচৰ চলি থকা বিভিন্ন সমস্যাৰ লগতে ড্ৰাগছ বিৰুদ্ধেও বিভিন্ন মন্তব্য কৰে ৷ আৰক্ষীৰ বিষয়াসকলে সীমান্তৱৰ্তী গাঁও পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন সমস্যা আৰু নিৰাপত্তা সম্পৰ্কীয় বিষয়ৰ বুজ লয়।
অসম আৰক্ষীৰ এই উদ্যোগে সীমান্ত সুৰক্ষাৰ লগতে আৰক্ষী আৰু সাধাৰণ ৰাইজৰ মাজত বিশ্বাস, সম্প্ৰীতি আৰু সহযোগিতা অধিক শক্তিশালী কৰিব বুলি সচেতন ৰাইজে মত প্ৰকাশ কৰিছে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা