
মানকাচৰ, ২৩ আগষ্ট (হি.স.)। ৰছীৰে বান্ধি নিৰ্মমভাৱে প্ৰহাৰ এজন যুৱকক।চুৰি কৰাৰ সন্দেহত কালি নিশা ২ টা বজাত শ্বাহিন আলম নামৰ এজন যুৱকক ঘৰৰ পৰা উঠাই আনি কেইজনমান যুৱকে যুৱকজনক ৰছীৰে বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰে।
ৰাজ্যত আকৌ মৰেল পুলিচিঙৰ ঘটনা ।ধুবুৰী ফকিৰগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত শালকাটাত সংগঠিত হৈছে এই মৰেল পুলিচিঙৰ ঘটনা ।ভুক্তভোগীৰ পৰিয়ালৰ অভিযোগ অনুসৰি যোৱা ১৯ আগষ্ট নিশা ২ বজাত সংঘটিত হৈছে উক্ত ঘটনা ।উক্ত ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা শ্বাহিন আলম নিৰুদ্দেশ হৈ আছে।ইপিনে চাৰি দিন উকলি যোৱাৰ পিছতো শ্বাহিন আলমৰ কোনো সন্ধান লাভ নকৰাত ঘটনাটো এক ৰহস্যজনক হৈ পৰিছে।ইতিমধ্যে উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগী শ্বাহিন আলমৰ পিতৃয়ে ফকিৰগঞ্জ আৰক্ষী থানাত ১০ জনৰ নামত এজাহাৰ দাখিল কৰে।আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব প্ৰকৃত ঘটনা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ