প্ৰকৃতিৰ সৃষ্টি অটুট থকা সিদ্ধান্ত গ্ৰহণ কৰিবলৈ চৰকাৰৰলৈ আহ্বান পৰিৱেশ কৰ্মী মনোজ গগৈৰ
গোলাঘাট, ২৩ আগষ্ট (হি.স.)। কাজিৰঙাত পৰিৱেশ সংবেদনশীল এলেকাৰ পৰিসৰ হ্ৰাস কৰাৰ বিষয়ক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰৱল বাদানুবাদ চলি থকাৰ সময়তে কাজিৰঙাৰ পৰিৱেশ কৰ্মী মনোজ গগৈয়ে প্ৰতিক্ৰিয়া ব্য়ক্ত কৰিছে ৷ মনোজ গগৈয়ে কয় যে মোৰ জন্ম কাজিৰঙাতে, ভৱা নাছিলো এ
প্ৰকৃতিৰ সৃষ্টি অটুট থকা সিদ্ধান্ত গ্ৰহণ কৰিবলৈ চৰকাৰৰলৈ আহ্বান পৰিৱেশ কৰ্মী মনোজ গগৈৰ


গোলাঘাট, ২৩ আগষ্ট (হি.স.)। কাজিৰঙাত পৰিৱেশ সংবেদনশীল এলেকাৰ পৰিসৰ হ্ৰাস কৰাৰ বিষয়ক কেন্দ্ৰ কৰি ৰাজ্যজুৰি প্ৰৱল বাদানুবাদ চলি থকাৰ সময়তে কাজিৰঙাৰ পৰিৱেশ কৰ্মী মনোজ গগৈয়ে প্ৰতিক্ৰিয়া ব্য়ক্ত কৰিছে ৷ মনোজ গগৈয়ে কয় যে মোৰ জন্ম কাজিৰঙাতে, ভৱা নাছিলো এনে এক পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি ৷ আমি আমাৰ পৰিচয়ক হেৰুৱাব নিবিছাৰো ৷ বৰ্তমান সময়ত এক উচ্চ পৰ্যায়ৰ পৰ্যবেক্ষণৰ দাবী জনায় প্ৰকৃতিপ্ৰেমী যুৱক মনোজ গগৈযে ৷

লগতে মনোজ গগৈয়ে কয় যে জীৱ জন্তু, মানুহৰ অনিষ্ট হব নালাগে ৷ প্ৰকৃতিৰ সৃষ্টি যাতে অটুত থাকে তেনে এক সিদ্ধান্ত গ্ৰহণ কৰিব লাগে চৰকাৰে৷ কাজিৰঙাৰ বাবে কাৰ্বি আংলং পাহাৰটোৱে গুৰুত্বপুৰ্ণ দায়িত্ব পালন কৰি আছে ৷ কোনো স্বাৰ্থতে যাতে দুষ্ট চক্ৰই কাৰ্বি আংলঙৰ পাহাৰটোৰ আঘাত সানিব নোৱাৰে তাৰ বাবে ব্যৱস্থা ল’বলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে পৰিৱেশ কৰ্মী মনোজ গগৈয়ে ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande