শালবাৰীৰ চুনবাৰী জলজীৱন মিছন আঁচনি ব্যৰ্থ
বাক্সা, ২৩ আগষ্ট (হি.স.)। শালবাৰীৰ চুনবাৰী জলজীৱন মিছন আঁচনি ব্যৰ্থ । ৰাইজে পোৱা নাই বিশুদ্ধ খোৱাপানী ।চুনবাৰী গাঁওৰ জল জীৱন মিছন আঁচনি এটোপাল বিশুদ্ধ খোৱাপানী বাবে হাহাকাৰ স্থানীয় ৰাইজ, কোটি কোটি টকা ব্যয় কৰি বিফল জল জীৱন মিছন আঁচনি । জলজীৱন মি
শালবাৰীৰ চুনবাৰী জলজীৱন মিছন আঁচনি ব্যৰ্থ


বাক্সা, ২৩ আগষ্ট (হি.স.)। শালবাৰীৰ চুনবাৰী জলজীৱন মিছন আঁচনি ব্যৰ্থ । ৰাইজে পোৱা নাই বিশুদ্ধ খোৱাপানী ।চুনবাৰী গাঁওৰ জল জীৱন মিছন আঁচনি এটোপাল বিশুদ্ধ খোৱাপানী বাবে হাহাকাৰ স্থানীয় ৰাইজ, কোটি কোটি টকা ব্যয় কৰি বিফল জল জীৱন মিছন আঁচনি ।

জলজীৱন মিছন আঁচনিৰ একাংশ ঠিকাদাৰে চৰকাৰক দেখোৱাইছে বুঢ়া আঙুলি।ভূত বাংলাত পৰিণত হৈছে চুনবাৰী গাঁওৰ জলজীৱন মিছন আঁচনি হাবি জংঘলেৰে ভৰি পৰিছে জলজীৱন মিছন আচনিৰ ঘৰ।মাথো সাপ নেউলৰ বসবাসস্থলীলৈ পৰ্যবেসিত হৈছে উক্ত আঁচনিটো ।প্ৰায় দুই তিনিখন গাওঁক সামৰি নিৰ্মাণ হোৱা উক্ত বিশুদ্ধ খোৱাপানী আঁচনিৰ অঞ্চলটোৰ ৰাইজে নাপালে এটুপি বিশুদ্ধ খোৱাপানী।বিশুদ্ধ খোৱাপানী যোগানৰ বাবে পানীৰ পাইপ বহুৱাইছিল যদিও সেই পাইপ সমুহ বৰ্তমান কোনো চিন চাপ নোহোৱা হৈছে ।এই ক্ষেত্ৰত বিটিচি চৰকাৰৰ ইএম বেগম আখতাৰা আহমেদৰ হস্তক্ষেপ বিচাৰিছে অঞ্চলটোৰ যুৱক আৰু স্থানীয় ৰাইজে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande