হাজোৰ চকামতলীৰ এহাল অসহায় দম্পত্তিৰ কৰুণ জীৱন কাহিনী
হাজোৰ চকামতলীৰ এহাল অসহায় দম্পত্তিৰ কৰুণ জীৱন কাহিনী।
হাজোৰ চকামতলীৰ এহাল অসহায় দম্পত্তিৰ কৰুণ জীৱন কাহিনী


কামৰূপ, ২৩ আগষ্ট (হি.স.): হাজোৰ চকামতলীৰ এহাল অসহায় দম্পত্তিৰ কৰুণ জীৱন কাহিনী পোহৰলৈ আহিছে । এটা পঁজাত জীৱন সংগ্ৰাম চলাই নিয়া দুৰ্ভগীয়া পৰিয়ালটোৱে ৰজা ঘৰৰ পৰাও বঞ্চনাৰ সন্মুখীন হৈছে আহিছে।

উল্লেখ্য় যে চকামতলীৰ দিলীপ মেধি নামৰ লোক জনে আজিৰ পৰা সাত বছৰ পূৰ্বে সামান্য দুর্ঘটনাত পতিত হৈ ধনৰ উপযুক্ত চিকিৎসাৰ কৰিব নোৱাৰি পৰি ৰৈছে হুইল চেয়াৰত। কোনো সা সন্তান নথকা পৰিয়ালটোৰ একমাত্ৰ উপৰজনকাৰী দিলীপ নাথে পঙ্গু হৈ পৰাত সৰগ ভাঙি পৰে পৰিয়ালটোৰ।একমাত্ৰ পত্নীৰ সৈতে কেতিয়া যদি এসাজ খাই আন কেতিয়াবা লঘোণে দিন অতিবাহিত কৰে দম্পতী হালে। ওচৰ চুবুৰীয়াই কিবা দিলেহে ক্ষুধা নিবাৰণ কৰে তেওঁলোকে। পৰিতাপৰ কথা হল আজিলৈকে চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই পৰিয়ালটোৱে । চৰকাৰৰ অৰুনোদই আঁচনিৰ পৰাও বঞ্চিত দিলীপ মেধিৰ পত্নী । আজিলৈকে এই দুৰ্ভগীয়া পৰিয়ালটোৰ কোনো জনপ্ৰতিনিধিয়ে খবৰ নোলোৱাৰ অভিযোগ আনিছে বৃদ্ধ দম্পত্তিহালে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande