
ধুবুৰী, ২৩ আগষ্ট (হি.স.)। পৰ্বতঝোৰাৰ গো-বজাৰে ধুবুৰীত গঢ়ি উঠিছে চোৰাং গৰুৰ ৰোমৰমীয়া বেহা।
দেৱীতলা গো-বজাৰৰ গৰু গৌৰীপুৰৰ আঠানিহৈ সৰবৰাহ কৰোঁতে আৰক্ষীৰ অভিযান। পুৱতি নিশা আঠানি আৰক্ষীৰ অভিযানত জব্দ ৯টা চোৰাং গৰুসহ ৩ সৰবৰাহকাৰী আটক।
সৰবৰাহকাৰী ৩ জন পৰ্বতঝোৰা আজগৰ আলী, ৰূপচান আলী আৰু ৰহিজ উদ্দীন। বিটিচি গৰু ধুবুৰীৰ গৌৰীপুৰৰ নদী পথৰে নিতৌ বাংলাদেশলৈ সৰবৰাহ হয় গৰু।
আঠানি আৰক্ষীয়ে জহৰমুৰা আৰু আমবাৰীত অভিযান চলাই গৰুসহ আটক কৰে সৰবৰাহকাৰী ৩ জনক। সৰবৰাহকাৰী তিনিজনক আটক কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু