
কোকৰাঝাৰ, ২৩ আগষ্ট (হি.স.)।পৰ্বতঝোৰাত অব্যাহত আছে বনজ সম্পদ ধ্বংসযজ্ঞ।ৰূপচি বনাঞ্চলিক কাৰ্য্যালয়ৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলত অবাধে চলিছে বন ধ্বংসযজ্ঞ।বন দস্যুই এফালৰ পৰা মূল্যবান গছ কাটি তহলিং কৰাৰ পিছতো নিৰ্লিপ্ত ভূমিকাত বন বিভাগ।
কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা বন সংমণ্ডলৰ ৰূপচি বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত ৰূপচি সংৰক্ষিত বনাঞ্চলৰ মূল্যবান শাল-চেগুন গছ সমূহ বন দস্যুয়ে এফালৰ পৰা কাটি তহলিং কৰাৰ পিছতো ৰূপচি বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ বনকৰ্মী নিৰ্লিপ্ত ভূমিকাকলৈ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।ৰাজ্যৰ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বন বিভাগৰ সংস্কাৰ কৰিবলৈ কঠোৰ নিৰ্দেশনা দিয়াৰ পিছতো একাংশ বন বিষয়াৰ অকৰ্মন্যতাৰ বাবে এপথ এপথকৈ বনজ সম্পদ ধ্বংস হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।পৰ্বতঝোৰাৰ বনজ সম্পদ সমূহ ৰক্ষা কৰাৰ বাবে বন মন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ দাবী কৰিছে স্থানীয় দল সংগঠনে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ