
বিশ্বনাথ, ২৩ আগষ্ট (হি.স.): বিশ্বনাথ জিলাৰ গহপুৰৰ পুৰুপবাৰীত যোৱা কালি শনিবাৰে নিশা সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । পুৰুপবাৰী চেন্টাৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা ফাৰ্মাচী, কম্পিউটাৰ প্ৰতিষ্ঠান, ফানিচিয়াৰ হাউচ, ইলেক্ট্ৰনিক প্ৰতিষ্ঠান, বুকষ্টলকে ধৰি ৭ খনকৈ ব্যৱসায়ী প্ৰতিষ্ঠান জুইত জাহ গৈছে ।
পৰৱৰ্তী সময়ত গহপুৰ, বিহালী, বিশ্বনাথৰ পাঁচখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি বহু সময়ৰ চেষ্টাৰ অন্তত জূই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । বৈদ্যুতিক শ্বাৰ্ট চাৰ্কিটৰ ফলতে ঘটনাটো সংঘটিত হোৱা বুলি ৰাইজে সন্দেহ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ