
কোকৰাঝাৰ, ২৩ আগষ্ট (হি.স.)। যোৱা নিশা নাগৰাকাটা–চালছা ৰে’লপথত হাতীৰ জাক দেখা পোৱাৰ পিছতে চালকৰ তৎপৰতাত সম্ভাব্য দুৰ্ঘটনা এৰাই চলিবলৈ সক্ষম হয়।
জানিব পৰা মতে, ৭৫৭৪২ ডাউন ধুবুৰী–শিলিগুৰি ডিইএমইউ ৰে’লখন কালি নিশা নাগৰাকাটা–চালছা খণ্ডৰ ৬৮/১ কিলোমিটাৰ স্থান অতিক্ৰম কৰি থকাৰ সময়ত ৰে’লৰ চালক (এন পি) শ্ৰী অৰুণাভ মিত্ৰ আৰু সহকাৰী চালক (এ এল পি) শ্ৰী তপস কুমাৰ কাৰ্জীয়ে ৰে’লপথত হাতীৰ এটা জাক চলাচল কৰি থকা প্ৰত্যক্ষ কৰে।
পৰিস্থিতিৰ গুৰুত্ব অনুধাৱন কৰি দুয়োগৰাকী ৰে’ল কৰ্মীয়ে তাৎক্ষণিকভাৱে ৰে’লখন নিয়ন্ত্ৰণ কৰি ৰখাই দিয়ে। ইয়াৰ ফলত হাতীৰ জাকটোৱে নিৰাপদে ৰে’লপথৰ পৰা আঁতৰি যোৱাৰ সুযোগ লাভ কৰে। চালক আৰু সহকাৰী চালকৰ সময়োচিত সিদ্ধান্ত আৰু সতৰ্কতাৰ বাবে হাতীৰ লগতে ৰে’লযাত্ৰীসকলৰো নিৰাপত্তা নিশ্চিত হয়।
বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰে’ল কৰ্মীসকলৰ এনে সতৰ্কতা আৰু দায়িত্বশীল পদক্ষেপে বিশেষ গুৰুত্ব বহন কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ